দুৰ্দান্ত এক মহাজাগতিক ঘটনাৰ সাক্ষী হৈ ৰ’ল এই পৃথিৱীবাসী । বিৰলতম এক মহাজাগতিক দৃশ্য উপভোগ কৰিলে কোটি কোটি লোকে । বিশেষকৈ এই বিৰল দৃশ্যৰ বাবে অপেক্ষা কৰি আছিল উত্তৰ গোলাৰ্ধৰ মানুহে । আজি তেওঁলোকে প্ৰাণভৰি এই দৃশ্য উপভোগ কৰিলে ।
আজি সূৰ্যাস্তৰ পাছত সন্ধিয়াৰ আকাশত দেখা গ’ল এই দৃশ্য । যিসমূহ অঞ্চলত দক্ষিণ-পশ্চিম দিশত উন্মোচিত হৈ আছিল সেইসমূহত সন্ধিয়া ছয় বজাৰ পৰা ৬.৪৫ বজা পৰ্যন্ত দুটি গ্ৰহক দক্ষিণ-পশ্চিম দিগন্ত ৰেখাৰ ওচৰত দেখা গৈছে ।
মহাজগতৰ সবাতোকৈ ডাঙৰ দুটি গ্ৰহ বৃহস্পতি আৰু শনি । যেতিয়া দুয়ো পৰস্পৰৰ অতি নিকটৱৰ্তী হৈছিল তেতিয়া সিহঁতৰ ‘Angular Separation’ বা কৌণিক পাৰ্থক্য আছিল ০.৬ ডিগ্ৰী বা ছয় Arc minutes (আৰ্কমিনিট ) conjunction বা গ্ৰহসংযোগ গড়ে প্ৰায় ২০বছৰ পাছত হয় ।