কেন্দ্ৰৰ বৈঠকৰ প্ৰাস্তাৱত নিৰৱ প্ৰতিবাদী কৃষকসকল

148063 ifjwztzpgx 1601030294

কেন্দ্ৰই প্ৰতিবাদী কৃষকসকলক পুনৰ আলোচনাত মিলিত হ’বৰ বাবে আমন্ত্ৰণ জনায় । কিন্তু ২৪ ঘণ্টা‌ পাৰ হৈ যোৱাৰ পাছতো কৃষকসকলৰ পৰা কোনো প্ৰত্যোত্তৰ পোৱা নগ’ল । দীল্লী সীমান্তত প্ৰতিবাদ কৰি থকা কৃষকসকলে জনায় যে, তেওঁলোকে মোদী চৰকাৰৰ স’তে আলোচনাত মিলিত হ’ব প্ৰস্তুত । কিন্তু এটাই চৰ্ত,‌ ইয়াৰ পূৰ্বে কেন্দ্ৰই সুনিৰ্দিষ্ট প্ৰস্তাৱ দিব লাগিব ।

কৃষক মন্ত্ৰণালয়ৰ যৌথ সচিব বিবেক আগৰৱালাই কালি নিশা কৃষকক সংগঠনবোৰক পুনৰ আলোচনাৰ মেজত আমন্ত্ৰণ জনায় । তেওঁ জানিব বিচাৰিছিল,‌ কেতিয়া কৃষক নেতাসকলে পুনৰ বৈঠকত মিলিত হ’ব পাৰিব । নতুন কৃষি আইনৰ কিছু সংশোধন কৰিবলৈ প্ৰস্তুত কেন্দ্ৰ । ইয়াৰ উপৰিও কৃষকসকলৰ মনত নতুন কৃষি আইনক লৈ অন্ত কিবা আশংকা আছে নেকি তাৰো বুজ ল’ব বিচাৰিছিল তেওঁলোকে ।

প্ৰতিবাদী কৃষকসকলৰ‌ অভিযোগ, যৌথ সচিবৰ পত্ৰত নতুনত্ব একো নাই । কৃষকসকলে পূৰ্বেই জনাই দিছিল যে, তেওঁলোকৰ একমাত্ৰ দাবী নতুন কৃষি আইন প্ৰত্যাহাৰ । আইন সংশোধনৰ প্ৰস্তাৱো পূৰ্বেই খাৰিজ কৰিছে তেওঁলোকে । সেয়েহে তেওঁলোক চিন্তিত যে এই পৰ্যায়ৰ বৈঠকত নতুনকৈ কি আলোচনা হ’ব পাৰে ।

লগতে প্ৰতিবাদী কৃষকসকলে এইটোও অভিযোগ উত্থাপন কৰিছে যে, পঞ্জাৱৰ মণ্ডিসমূহত মুক্তিয়াৰসকলৰ আয়কৰ জাননী প্ৰেৰণ কৰাৰ পাছতো কৃষক‌‌ সংগঠনবোৰক চৰকাৰে হাৰাশাস্তি কৰাৰ চেষ্টা কৰিছে । পঞ্জাৱৰ ভাৰতীয় কিষান ইউনিয়নক কেন্দ্ৰীয় সংস্থাৰ জাননী প্ৰেৰণ কৰি জনোৱা হৈছে যে, কিহৰ ভিত্তিত বিদেশৰ পৰা বৰঙণি সংগ্ৰহ কৰিছে তেওঁলোকে । সোমবাৰে কৃষক নেতাসকলে দিল্লী-হাৰিয়ানাৰ ছিংঘু সীমান্তত অনশন কৰি প্ৰতিবাদ সাব্যস্ত কৰে । ইয়াৰ মাজতেই সন্ধিয়া ছিংঘুত নিৰঞ্জন সিং নামে ৬৫ বছৰীয়া এজন কৃষকে আত্মহত্যাৰ চেষ্টা কৰে । তৰ্ণতাৰণৰ বাসিন্দা নিৰঞ্জনক ৰোহতকৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

ৰোহতকৰ চিকিৎসালয়ৰ পৰাই নিৰঞ্জনে কয়, ‘সাধাৰণতে কোনোবাই আত্মহননৰ কৰাৰ চেষ্টা কৰিলে আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰা লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । আমাক প্ৰৰোচিত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে । তেওঁলোকক গ্ৰেপ্তাৰ কৰক ।’ আজি পঞ্জাৱৰ ফিৰোজপুৰত পুনৰ এজন কৃষকে আত্মহত্যা কৰে ।

Exit mobile version