চিৰাঙত হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে তৎপৰ হৈছে বন বিভাগ

WhatsApp Image 2020 12 22 at 4.14.45 PM

চিৰাঙত শেষতীয়াকৈ বৃদ্ধি পাইছিল হাতী-মানুহৰ সংঘাত। বিশেষকৈ জিলাখনৰ বিজনী মহকুমাৰ উত্তৰাঞ্চলৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাতিকাষৰীয়া অঞ্চলত মানাহৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাইছিল ।

শেষতীয়াকৈ চিৰাং বন বিভাগ আৰু ডব্লিউ ডব্লিউ এফে মানাহৰ পৰা যাতে গাঁও অঞ্চলত বন্য হস্থি ওলাই আহিব নোৱাৰে তাৰ বাবে বৈদ্যতিক ছোলাৰ ফেন্সিঙৰ ব্যৱস্থা কৰিছে।

আজিৰে পৰা বন বিভাগে তৎপৰতাৰে এই ফেন্সিঙৰ কাম আৰম্ভ কৰিছে। চিৰাঙৰ কুকলুং বনাঞ্চলৰ অন্তৰ্গত দৈলংঝাৰ,বিষ্ণুপুৰৰ পৰা দহ কিলোমিটাৰ এই ফেন্সিঙৰ ক কৰিব বুলি জনায় বন বিভাগে।

ইতিমধ্যে অঞ্চলটোৰ জনসাধাৰণৰ সহযোগত বন বিভাগে কাম আৰম্ভ কৰিছে।বিগত সময়ছোৱাত হাতী মানুহৰ সংঘাতত অঞ্চলটোত পাঁচটাকৈ বন্যহস্তি নিহত হোৱাৰ লগতে কে’বাজনো লোক নিহত হোৱাৰ ওপৰি বহু লোক আহত হৈছে। বহু লোকৰ ঘৰ ধ্বংশ হৈছে,খেতি পথাৰ ধ্বংশ হৈছে।

দীৰ্ঘদিনৰ পৰাই ভূক্ত ভোগী সকলে দাবী জনাই আছিল বন্য হস্থীৰ উপদ্ৰৱৰ পৰা গঞাক ৰক্ষা কৰাৰ বাবে । কিন্ত বাস্থৱত সেয়া হোৱা নাছিল । এই বাৰ কাম আৰম্ভ কৰিছে বন বিভাগে । ৰাইজেও আহি এই কামত বন বিভাগক সহযোগিতা কৰা পৰিলক্ষিত হৈছে।

Exit mobile version