পুতলা, স্মার্টফোন, ব্রিফকেচৰে বিবাহ : জড় পদার্থক কিয় বিয়া কৰায় মানুহে

Screenshot 148

সুদর্শন পুৰুষ অথবা সুন্দৰী নাৰীৰ পৰিৱর্তে কেতিয়াবা কেতিয়াবা মানুহে জীৱন সংগীৰূপে বাছনি কৰে জড় পদার্থকো। বার্লিনৰ প্ৰাচীৰ, আইফেল টাৱাৰৰ পৰা আৰম্ভ কৰি এই জড় পদাৰ্থৰ তালিকাত মূৰত লােৱা গাৰুও থাকে। অদ্ভুত এই প্ৰৱণতাৰ পােছাকী নাম ‘অবজেক্ট ছেক্সৱালিটি অথবা অৱজেক্টোফিলিয়া’। সম্প্রতি মস্কোৰ বাসিন্দা ৰেন গৰ্ণ নামৰ যুৱতীগৰাকীয়ে বিয়া কৰাইছে “ব্রিফকেছ’ক।

মৰমৰ এই ব্রিফকেচ্ছটোৰ নাম দিছে গাইডেয়ন। গর্ণে জনােৱা অনুসৰি, পূর্বে তেওঁৰাে বয়ফ্রেণ্ড আছিল; কিন্তু বয়ফ্রেণ্ডতকৈ ব্রিফকেছৰ প্ৰতি তেওঁৰ আসক্তি অধিক। ৰেল-গাইডেয়নৰ এই সম্পর্কই পুনৰ বিষয়টোক চৰ্চালৈ আনিছে। এনে আজৱ ধৰণৰ পৰিণয় পূর্বেও বহুবাৰ হৈছে। লছ এঞ্জেলছৰ বাসিন্দা এৰন ছার্ভেনাক বৃত্তিত এজন চলচ্চিত্র পৰিচালক। তেওঁ বিয়া কৰাইছে নিজৰ স্মার্টফোন’ক। এই সিদ্ধান্তক সঠিক বুলিও ভাবে এৰনে।

কাৰণ নিজৰ প্ৰতিটো আবেগিক মুহূৰ্তৰ সংগী একমাত্র এই স্মার্টফোনটোৱেই। টোপনি ভঙাৰ পৰা নিশা টোপনি অহালৈ সকলাে সময়তে ই লগত থাকে। সবাতােকৈ অধিক সময় লগত থকা সামগ্ৰীটোকেই সেয়েহে তেওঁ জীৱন সংগী কৰি লৈছে। ঝােৱাকিয়ে বিয়া কৰাইছে ইঞ্জিনচালিত এখন ৰেলক। সৰুৰে পৰা যুৱতীগৰাকীয়ে ভগ্ন যন্ত্রপাতিৰ লগত সময় কটাই ভাল পায়। ১৯৮৯ত ‘বার্লিন প্রাচীৰ ভাঙি দিয়াৰ সময়ত শােকত ভাঙি পৰিছিল এইজা ৰিট্টা।

পূব আৰু পশ্চিম জার্মানী এক হােৱাৰ আনন্দ উপভােগ কৰিব পৰা নাছিল। কাৰণ বার্লিন প্রাচীৰক ৰিট্টাই বিয়া কৰাইছিল। সাত বছৰ বয়সৰে পৰা প্ৰাচীৰখনৰ প্ৰেমত পৰিছিল। টিভিত দেখি থকা প্রাচীৰখন চাবলৈ ধন জমা কৰিছিল। ১৯৭৯ত প্রাচীৰখনক ৰিট্টাই বিয়া কৰায়। ১৯৮৯ৰ পাছত আৰু স্বামীৰ ওচৰলৈ অহা নাই ৰিট্টাই। প্ৰাচীৰৰ পুৰণি মডেল ৰাখিছে ঘৰত। নাম দিছে ‘বার্লিন মাউৱাৰ। নেনে এনেগাচাকি হ’ল এটি ভিডিঅ’ গেমৰ চৰিত্র।

এই চৰিত্ৰটোক বিয়া কৰাইছে এজন যুৱকে। নিজৰ প্রকৃত নাম প্রকাশ নকৰা যুৱকজনে পৰিচয় দিয়ে ‘চন ৯০০০’ বুলি। লাভ প্লাছ’ গেমৰ নেনে হ’ল চন ৯০০০ পত্নী। ২০১৬ত হংকঙত নিজৰ এক প্রদর্শনীত শিল্পা ছেট্ৰীয়ে এটি শিলক বিয়া কৰােৱাৰ কথা জনাইছিল। ডাঙৰ শিলটো ঘৰৰ বাগিচাত সজাই থৈছে.পেন্সিলভেনিয়াৰ এমি উলফে গির্জাত অর্গেন বজায়। তেওঁ বিয়া কৰাইছে ৰ’লাৰ ক’ষ্টাৰ’ক। ১৩ বছৰ বয়সৰে পৰা এমিয়ে তেওঁৰ এই প্ৰেমিকৰ প্ৰেমত পৰিছিল।

প্রেমিকৰে এমিৰ শাৰীৰিক তথা মানসিক দুয়াে ধৰণৰ সম্পর্ক আছে; কিন্তু নিজৰ স্বামীৰ ওপৰত আনে উঠিলে এমিৰ মনত ঈর্ষা জাগে। ৰলাৰ ক’ষ্টাৰখন ‘ৱেবাৰ’ কোম্পানী বনাইছে। সেয়েহে নিজৰ নামৰ লগত উপাধি হিচাপে এমিয়ে ৱেবাৰ শব্দটো সংলগ্ন কৰি লৈছে। আমেৰিকাৰ এৰিকাই বিয়া কৰাইছে ‘আইফেল টাৱাৰ’ক। এই স্থাপত্যৰ প্ৰতি এৰিকাই সৰুৰে পৰা মুগ্ধ হৈছিল। সেয়েহে ডাঙৰ হৈ টাৱাৰটোৰ স’তে বিয়াত বহে।

মনৰ ইচ্ছা পূৰণ হােৱাত এতিয়া উপভােগ কৰিছে জীৱনক। প্রথমা পত্নীৰ মৃত্যু ২০ বছৰ পাছত টাইৱানৰ ৪৬ বছৰ বয়সীয়া চাং চি চুমে বার্বি ডলক বিয়া কৰায়। এনে কাৰ্যৰ দ্বাৰা পত্নীৰ আত্মক শান্ত কৰিছে বুলি ভাবে চুমে। সেয়েহে ২০ বছৰ ধৰি অকলেই আছিল। চীনৰ গুংঝাউ প্রদেশৰ লিউ ইয়ে বিয়া কৰাইছে নিজৰ ছবিক। একেখন ছবিৰ কাষত বিয়াৰ পােছাক পৰিধান কৰি ঠিয় হৈ আছিল লিউ। ৩৫ বছৰ বয়সীয়া বিল ফিকা এজন মনােবিজ্ঞানৰ ছাত্র।

‘আই বুক’ক বিয়া কৰাইছে এইজন বিলে। ডেভকেটে চলিত বৰ্ষতে বিয়া কৰায় এটি ছেক্স ডলক। নাম দিছে ‘কোৱাইট’। ইংলণ্ডৰ এম্মাই বিয়া কৰাইছে নিজৰ মৰমৰ ৰেডিঅ’টোক কোৰিয়াৰ ২৮ বছৰ বয়সীয়া লি জি গুৱে বিয়া কৰাইছে এটা মূৰত লােৱা ‘গাৰুক’ মাংগলিক দোষ নােহােৱা কৰিবলৈ ঐশ্বর্য ৰায়ে বিয়া কৰাইছিল এজোপা গছক। পৰৱর্তী সময়তহে অভিষকৰে বিয়াত বহে। অৱশ্যে বচ্ছন পৰিয়ালে ঘটনাটো অস্বীকাৰ কৰিছিল।

কিন্তু এনে প্ৰতিখন বিয়াৰ পাছত জটিল মনস্তাত্ত্বিক কাৰণ জড়িত হৈ থাকে মনােবৈজ্ঞানিকসকলৰ মতে, বহু মানুহৰ মাজত একক সম্পর্কক লৈ গভীৰ বিশ্বাস থাকে। কাৰণ এনেসকলে সংগী অথবা সংগিনীৰ পৰা আঘাত লাভ কৰিব নিবিচাৰে। জড় পদার্থ হলে মানসিক অথবা শাৰীৰিক আঘাত লাভৰ কোনাে সম্ভাৱনা নাথাকে। আনহাতে, তীব্র অহংভাবৰ বাবেও বহুতে এনে সিদ্ধান্ত লয়।

Exit mobile version