ভিটামিন, এণ্টিঅক্সিডেণ্ট, এনজাইম, ফলেট, আঁহ আদিৰে ভৰপূৰ

TChh9mVPAk

● স্বাস্থ্য, উজ্জ্বল ছালৰ ৰহস্য আমাৰ খাদ্যাভ্যাসত নিহিত থাকে । শালমইনা, ক’লা দাগ, এলাৰ্জি আদি ছালৰ সমস্যা থকা লোকে কেঁচা অমিতাৰ খালে সুফল পায় ।

●অমিতাই পাচনতন্ত্ৰ পৰিষ্কাৰ কৰে, তেজ পৰিষ্কাৰ কৰে ।

●টনচিলাইটিছ, ফেৰিঞ্জাইটিছ আদিতো খাৰ দি ৰন্ধা কেঁচা অমিতাৰ ব্যঞ্জন অতি উপকাৰী ।

●হাপানী, ব্ৰ্ংকাইটিছ, কাহ, জ্বৰ আদিত কেঁচা অমিতা উত্তম পথ্য ।

●গেছ, বদহজম, বুকু জ্বলা-পোৰা

●আদিৰ সমস্যাত কেঁচা অমিতা উপকাৰী ।

●কলেষ্টেৰল সমস্যাত কেঁচা অমিতা উপকাৰী । ই হাৰ্টৰ সুৰক্ষা কৰে । সেয়েহে হাৰ্টৰ ৰোগীয়ে মাজে-সময়ে কেঁচা অমিতাৰ খোৱাটো অতি উপকাৰী

●ওজন কমোৱাতো কেঁচা অমিতাই সহায় কৰে । কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে ।

●অমিতাত মজুত থকা ভিটামিনে চকু আৰু ছালৰ বাবে লাভদায়ক । ইয়াৰ দ্বাৰা চকুৰ দৃষ্টিশক্তি বৃদ্ধি হয় আৰু ছাল সুস্থ,পৰিষ্কাৰ আৰু উজ্জল হৈ পৰে ।

●যিসকল ব্যক্তিয়ে বাৰে বাৰে জ্বৰ-কাহত ভোগে,তেওঁলোকে নিয়মিত ৰুপত অমিতাৰ ব্যৱহাৰে শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰে।

●অমিতাত যথেষ্ট কেলচিয়াম থকাৰ বাবে অমিতা খালে হাড় মজবুত হয় । অস্তিয়’পৰেচিচৰ দৰে হাড়ৰ ৰোগতো অমিতা খালে ভাল ফল পোৱা যায়।

Exit mobile version