আলফাৰ কলংকিত অধ্যায় নামৰ গ্ৰন্থ উন্মোচন

WhatsApp Image 2020 12 23 at 7.12.24 PM

আলফাই নৃশংস ভাৱে হত্যা কৰা শ্বহীদ কুমুদ হাজৰিকাৰ মৃত্যু তিথিৰ দিনাই নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত এই গ্ৰন্থ উন্মোচন ১৫২ পৃষ্ঠাৰ লিপিত গ্ৰন্থখনত প্ৰতিটো পৃষ্ঠাতে নিৰীহৰ ওপৰত আলফাৰ নৃশংসতাৰ আৰু কলা ইতিহাস বৰ্ণনা।

সেই সময়ত নিৰীহৰ ওপৰত চলোৱা শাৰীৰিক মানসিক,অত্যাচাৰকে ধৰি ধনদাবীৰ প্ৰতিটো শিহৰণকাৰী বৰ্ণনাই আলফাৰ স্বৰূপ উদঙাছে গ্ৰন্থখনত!

শ্বহীদ কুমুদ হাজৰিকাক হত্যা কৰা আলফা প্ৰফুল্ল বৰা ওৰফে ঢেকিয়াল ফুকনক কিন্তু বিজেপিৰ চৰকাৰৰ ৰঙা দলিছা পাৰি দিয়াৰ বৰ্ণনা গ্ৰন্থখনত।

নিৰ্যাতিতা পৰিয়ালৰ ৰঞ্জু নেওগ হাজৰিকা আৰু অমৰ দ্বীপ বৰুৱাই লিখিছে গ্ৰন্থখন।

আলফাৰ হাতত ৪১বাৰ বেতেৰে কোব খোৱা মুক্তিযোদ্ধা তথা শতায়ু বৰ্ষৰে গৰকা ৰাধানন্দন বৰুৱা আৰু শ্বহীদ কুমুদ হাজৰিকাৰ মাতৃ নিৰ্মলা হাজৰিকাই উন্মোচন কৰে গ্ৰন্থখন।

গ্ৰন্থখনত আলফাই কুমুদ দাসক জিভা কান কাটি পেটত নিমখ ভৰাই নৃশংস ভাৱে হত্যা কৰা বৰ্ণনা।

Exit mobile version