পাটিয়ালাৰ পৰা ছিংঘুলৈ গাড়ী চলাই আহি কৃষক আন্দোলনত যােগ দিলে ৬২ বছৰীয়া মহিলাই

62 YO Woman Drove From Patiala On A Jeep To Join Farmers

কৃষক আন্দোলনত অংশ ল’বলৈ এইবাৰ সুদূৰ পাটিয়ালাৰ পৰা দিল্লীৰ সিংঘু সীমান্তত আহি উপস্থিত হৈছে ৬২।বছৰ বয়সীয়া মনজিৎ কউৰ। কৃষি আইন বাতিলৰ দাবীত পৰিয়ালৰ অন্যান্যসকলে প্রচণ্ড শীতক উপেক্ষা কৰিও দিল্লীত অৱস্থান কৰি থকাৰ সময়ত সেয়েহে ঘৰত মৌন হৈ বহি থাকিব নােৱাৰিলে।

মহিলাগৰাকীয়ে। লগত কে’বাগৰাকী সংগীক লৈ নিজেই। জীপ চলাই আহি উপস্থিত হ’ল সিংঘু সীমান্তত। পাটিয়ালাৰ পৰা সিংঘু সীমান্তলৈ দূৰত্ব প্রায় ২৫০ কিলােমিটাৰ। মনজিৎ কউৰৰ এটাই লক্ষ্য, চলিত আন্দোলন আৰু অধিক জংগী হ’ব লাগে। তিনিখন নতুন কৃষি আইন প্রত্যাহাৰৰ দাবীত আৰম্ভ কৰা এই আন্দোলনে আজি ২৭ দিনত প্ৰৱেশ কৰিছে।

সমস্যাৰ কেতিয়া সমাধান হ’ব তাৰ।।বর্তমানলৈ কোনাে নিশ্চয়তা নাই ।কৃষক তথা চৰকাৰ দুয়ােপক্ষই বর্তমানলৈ নিজৰ নিজৰ মতত অবিচল হৈ আছে। ফলত পৰিস্থিতিৰ অধিক অৱনতি হ’বলৈ লৈছে। ভাৰতীয় কিষাণ ইউনিয়ন (বি কে ইউ)ৰ মুখপাত্র ৰাকেশ টিকায়েতে দাবী কৰা অনুসৰি চৰকাৰ পক্ষৰ পৰা আলােচনাৰ বাবে এই পর্যন্ত তেওঁলােকে কোনাে আমন্ত্রণ লাভ কৰা নাই।

কেন্দ্রীয় কৃষিমন্ত্রীয়ে কৃষক সংগঠনবিলাকক আলােচনালৈ আহিবলৈ আহ্বান জনাইছে। টিকায়তে জনােৱা অনুসৰি নতুন কৃষি আইনকেইখন প্রত্যাহাৰ নকৰা পর্যন্ত অৱস্থান কার্যসূচী অব্যাহত থাকিব। টিকায়তে কয়, চৰকাৰ আমাৰ ওচৰলৈ আহিব লাগিব।আনহাতে, যােৱা নিশা সিংঘু সীমান্তত পুনৰ আন্দোলনকাৰী কৃষক এজনে বিহ সেৱন কৰি আত্মহত্যা চেষ্টা চলায়।

কৃষকজনক পাছত হাস্পতালত ভর্তি কৰা হয়। দুদিন পূর্বে আন। এজন কৃষকে আত্মহত্যা কৰিছিল। ইফালে, প্রতিবাদী কৃষকসকলে দিল্লী-উত্তৰ প্ৰদেশ সীমান্তত ন নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰােধ কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বহি কৃষকসকলে বিক্ষোভ কাৰ্যসূচী অব্যাহত ৰাখিছে।

ফলত দিল্লী- গাজিয়াবাদৰ মাজত যােগাযােগ ব্যৱস্থা বন্ধ হৈ পৰিছে। আবদ্ধ হৈ পৰিছে বহু যানবাহন। আনহাতে, যােৱা নদিন ধৰি দিল্লী-জয়পুৰ ৰাষ্ট্ৰীয় ঘাইপথাে কৃষকসকলে অৱৰােধ কৰি ৰাখিছে। কৃষক আন্দোলনলৈ বুলি মহাৰাষ্ট্ৰৰ পৰাও বহু কৃষকে ইতিমধ্যে ৰাওনা হৈছে। কৃষক সংগঠনবিলাকে অন্যান্য ৰাজ্যৰ কৃষকসকলকো আন্দোলনত চামিল হ’বলৈ আহ্বান জনাইছে।

Exit mobile version