পৰিৱৰ্তিত কৰ’না ভাইৰাছৰ ষ্ট্ৰেনে ‘ছুপাৰ স্প্ৰেডাৰ’ : কেন্দ্ৰীয় চৰকাৰ

paul

যিটো সময়ত সক্ৰিয় কৰ’না ভাইৰাছ সংক্ৰমিতৰ হাৰ হ্ৰাস পাইছে সেই সময়তেই যুক্তৰাষ্ট্ৰত ক’ভিড-১৯ ভাইৰাছৰ নতুন ষ্ট্ৰেন পোৱা গৈছে । যিটো ৭০ শতাংশই দ্ৰুত সংক্ৰমণকাৰী সেয়েহে ইয়াক ‘ছুপাৰ স্প্ৰেডাৰ’ হিচাপে অভিহিত কৰা হৈছে । নিতি আয়োগৰ স্বাস্থ্য বিভাগৰ সদস্য ড°  ভি কে পালে কয় যে, ভাৰতত বৰ্তমানেও ক’ভিডৰ এই আক্ৰাত্মক নতুন ষ্ট্ৰেনটোৰ সম্ভেদ পোৱা নাই।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে দিয়া তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতৰ সক্ৰিয় সংক্ৰমিতৰ সংখ্যা তিনি লাখৰো নিম্নগামী হৈ বৰ্তমানৰ সংক্ৰমিতৰ সংখ্যা হৈছে দুই লাখ ৯২ হেজাৰ পাঁচশ ১৮ জন । এই সংখ্যা ১৬৪ দিনৰ ভিতৰত সৰ্বনিম্ন । এখন সংবাদ মেলত ড° ভি কে পালে কয়, ‘আমি বৰ্তমান এক সুস্থিৰ পৰিস্থিতিত আছো আৰু আমি এইটো অব্যাহত ৰাখিব লাগিব । সতৰ্কতা অৱলম্বন কৰিলে ভাইৰাছক প্ৰতিৰোধ কৰা সম্ভৱ হ’ব । ইউ কেত ভাইৰাছৰ নতুন ষ্ট্ৰেন পোৱা গৈছে ।’

লগতে তেওঁ কয়, ‘নতুন ষ্ট্ৰেনটো কিমান সংক্ৰামক সেই বিষয়ে জানিবলৈ আমি যুক্তৰাষ্ট্ৰৰ গৱেষকসকলৰ স’তে আলোচনা কৰিছো । তেওঁলোকে জনায় যে এই ভাইৰাছ ৭০ শতাংশই অধিক সংক্ৰামক । আমি এইটো ক’ব পাৰো যে এই ভাইৰাছটো বৰ্তমান ‘ছুপাৰ স্প্ৰেডাৰ’লৈ পৰিণত হৈছে ।’

তেওঁ এইটোও জানিবলৈ দিয়ে যে, ‘ভাইৰাছৰ নতুন ষ্ট্ৰেনটোৱে ৰোগৰ তীব্ৰতাৰ ওপৰত প্ৰভাৱ পেলোৱা নাই । সেয়েহে মৃত্যুৰ হাৰ বা চিকিৎসালয়ত ভৰ্তি কৰোৱা হাৰো বৃদ্ধি পোৱা নাই । যুক্তৰাষ্ট্ৰত পোৱা কৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেনটো ভাৰতত পোৱা নাই সেয়েহে ভাৰতবাসীয়ে আতংকিত হোৱাৰ প্ৰয়োজন নাই । কিন্তু আমি সতৰ্কিত হৈ থাকিব লাগিব ।’

ড° পালে পৰিৱৰ্তিত ভাইৰাছৰ বিষয়ে বিতংভাৱে কয় যে, ভাইৰাছৰ আৰ এন এত পৰিৱৰ্তন হৈছে । ভাইৰাছত হোৱা এই পৰিৱৰ্তনটোক ‘ড্ৰিফ্ট’ বুলি কোৱা হয় । এই ভাইৰাছটোৰ লগতে বহুকেইটা ভাইৰাছতে এই আচৰণ পোৱা গৈছে ।

ভাইৰাছটোত প্ৰায় ১৭টা পৰিৱৰ্তন পৰিলক্ষিত হৈছে ইয়াৰে এটা পৰিৱৰ্তন N501Y ভাইৰাছৰ দ্বাৰা ই মানুহৰ কোষত প্ৰৱেশ কৰে । ই ভাইৰাছৰ মানৱ দেহত প্ৰৱেশ কৰাৰ প্ৰৱণতা বৃদ্ধি কৰে । সংক্ৰমিতৰ হাৰ বৃদ্ধি পোৱাৰ ই এটা অন্যতম কাৰণ । সেয়েহে যুক্তৰাষ্ট্ৰত সংক্ৰমিতৰ হাৰ বৃদ্ধি পাইছে ।

কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে নিতি আয়োগে জনায় যে, কন্দ্ৰই এই বিষয়ত পৰ্যৱেক্ষণ কৰি আছে । আমাৰ শক্তিশালী পৰীক্ষাগাৰ আছে আৰু তাত আমি হেজাৰ হেজাৰ ভাইৰাছৰ জিনগত আকৃতিৰ বিষয়ে অধ্যয়ন কৰি আছো । এবৰ্তমান ভাৰতত ভাইৰাছৰ পৰিৱৰ্তন হোৱা নাই । যিহেতু অতিমাৰিৰ সময়তো লোকসকলে ভ্ৰমণ কৰি আছে আৰু ইয়াক অষ্ট্ৰেলিয়া আৰু ইউৰোপৰ কিছু অংশত পোৱা গৈছে সেয়েহে আমি যথেষ্ট সতৰ্ক হ’ব লাগিব ।

সতৰ্কতা অৱলম্বন কৰি চৰকাৰে বহুকেইটা পদক্ষেপ গ্ৰহণ কৰিছে ইয়াৰে ভিতৰত হৈছে সদ্যহতে ৩১ ডিচেম্বৰলৈকে যুক্তৰাষ্ট্ৰলৈ অহা-যোৱা বন্ধ কৰা হৈছে । সম্প্ৰতি যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতৰ পৰীক্ষাগাৰসমূহলৈ অহা নমুনাবোৰৰ ‘ছিকুৱেন্সিং’ আৰম্ভ কৰা হৈছে । যুক্তৰাষ্ট্ৰৰ পৰা অহা যাত্ৰীসকলৰ সন্ধান উলিয়াই তেওঁলোকৰ স্বাস্থ্যৰ পৰ্যৱেক্ষণ কৰা হৈছে আৰু ক’ভিড পৰীক্ষণ কৰা হৈছে ।

Exit mobile version