৩০ বছৰ বিনাবেতনে শিক্ষকতা

WhatsApp Image 2020 12 23 at 8.17.07 PM

উচ্চ ৰক্তচাপজনিত কাৰণত ৫৭ বছৰ বয়সত কালি নিশা হঠাতে মৃত্যুক আঁকোৱালি লয় বাগ্ছাৰ খাৰিজা বিজনীৰ শিক্ষক আনিছুৰ ৰহমানে ৷ খাৰিজা বিজনীৰ উত্তৰ বাৰাপেটা বালিকা প্ৰাথমিক বিদ্যালয়ত ১৯৯০ ৰ পৰা সহকাৰী শিক্ষক হিচাপে সেৱা আগবঢ়াইছিল ৰহমানে৷ তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে শোকাহত হৈ পৰে অজস্ৰ গুণমুগ্ধ ৷

আজি পুৱা ১০-৩০ বজাত শিক্ষকগৰাকীৰ জানাজা সম্পন্ন কৰা হয় ৷ জানাজাত জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে উপস্থিত থাকে সহস্ৰাধিক লোক ৷ বিভিন্ন সামাজিক কৰ্মৰ লগতে CPI(M) দলৰ এগৰাকী আদৰ্শবান কৰ্মী হিচাপে জনাজাত আনিছুৰ ৰহমানৰ অকাল মৃত্যুত খাৰিজা বিজনীৰ বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰে ৷

ৰহমানৰ বাসগৃহত শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হয় CPI(M)ৰ ৰাজ্যিক নেতা মনোৰঞ্জন তালুকদাৰ, খাৰিজা বিজনীৰ CPI(M) দলৰ নেতা অনিল চন্দ্ৰ দাস, ৰজনী দৈমাৰী, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক ৰাতুল হুছেইন, বৰপেটাৰোড আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি দীপক দাস, কৃষক নেতা মঞ্জিত দাস, সন্তোষ ছেত্ৰী, আমছুৰ বাগ্ছা জিলাৰ সভাপতি ছাইফুল ইছলাম খান, শালবাৰী জিলা এবিএমছুৰ নেতৃবৃন্দ, খাৰিজা বিজনী প্ৰেছ ক্লাৱৰ জাহিদুল ইছলাম, বাছিদুৰ ৰহমান, জাহিৰুল ইছলাম, কপিল দাস, জিতুল হুছেইনকে ধৰি অজস্ৰ গুণমুগ্ধ ৷

উল্লেখ্য যে, এনেদৰে বিনাবেতনে শিক্ষকতা কৰি মৃত্যু মুখত পৰা আনিছুৰ ৰহমানৰ পৰিয়ালক উপযুক্ত সংস্থাপন দিয়াৰ লগতে অপ্ৰাদেশীকৃত বিদ্যালয়সমূহ প্ৰাদেশীকৃত কৰাৰ দাবী উত্থাপন কৰিছে বিভিন্ন দল সংগঠনে ৷ মৃত্যুৰ সময়ত শিক্ষকগৰাকীয়ে পত্নী, দুই পুত্ৰ কন্যাৰ লগতে বহু আত্মীয় আৰু গুণমুগ্ধক এৰি থৈ যায় ৷

Exit mobile version