কৃষকৰ স’তে আজি ৰাজপথত সংগ দিব ৰাহুল গান্ধীয়ে ।পুৱা ১০.৪৫ বজাত বিজয় চ’কৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ উলিয়াব এই সমদল। ৰাষ্ট্ৰপতি ভৱনলৈ উলিওৱা এই সমদলত ৰাহুল গান্ধীৰ লগতে অন্য কংগ্ৰেছী সাংসদেও অংশ গ্ৰহণ কৰিব।
ADVERTISEMENT
আনহাতে এই সমদলৰ অন্তত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰি দুই কোটি হস্তাক্ষৰ সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰিব ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ নেতাসকলে ।
কে চি বেণুগোপালে অভিযোগ কৰা অনুসৰি প্ৰথমে কেন্দ্ৰীয় চৰকাৰে কৃষি আইন তৈয়াৰ কৰি কৃষকৰ মনত আঘাট দিয়াৰ লগতে তেওঁৰ পত্নীয়েও কৃষসকলক অপমান কৰিছে ।
ইফালে তেওঁৰ মন্তব্য যে, তিনিখনকৈ কৃষি বিৰোধী আইনক লৈ অব্যাহত থকা কৃষি আন্দোলনক শক্তিশালী কৰাৰ উদ্দেশ্যে এই আইন বাতিলৰ পক্ষত দুই কোটি লোকৰো হস্তাক্ষৰ লোৱা হৈছে।