বেঁকী নৈৰ খহনীয়া প্ৰতিৰোধৰ দুই আঁচনিৰ আনুষ্ঠানিক আৰম্ভণি

e9bf2103 9f3a 4163 84be 653bd4dc19cc

বৰপেটা জিলাৰ সৰভোগ সমষ্টিৰ বৰপেটা আৰু গমাৰিগুৰীত বেঁকী নৈৰ খহনীয়া প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে পুঁজি আৱণ্টন দিয়ে ৷ ৬.২৮ কোটি টকা ব্যয় সাপেক্ষে হাতত লোৱা দুখন আঁচনিৰ আজি জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই আধাৰশিলা স্থাপন কৰি আনুষ্ঠানিকভাৱে কামৰ আৰম্ভণি কৰে।

বাৰাপেটা গো-পাম আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ সুৰক্ষাৰ বাবে ৰাজ্য চৰকাৰৰ স্ব‌অগ্ৰাধিকাৰ প্ৰাপ্ত আঁচনিৰ বানপানীত হোৱা ক্ষয়-ক্ষতি মেৰামতি শিতানৰ পাঁচ কোটি টকা ব্যয় সাপেক্ষে হাতত লোৱা ৭৮০ মিটাৰ দৈৰ্ঘ্যৰ আঁচনি খনে বেঁকী নৈৰ খহনীয়াৰ ফলত সংকটৰ গৰাহত পৰা বাৰাপেটা গো-পামখনৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া বাৰাপেটা, খুদনাবৰী আৰু নিচুকা গাঁৱক খহনীয়াৰ কবলৰ পৰা ৰক্ষা কৰিব।

একেদৰে নাবাৰ্ডৰ ১.২৮ কোটি টকাৰ অৰ্থ সাহাৰ্যৰে হাতত লোৱা ২৫৮ মিটাৰ দৈৰ্ঘ্যৰ আনখন আঁচনিৰ দ্বাৰা গমাৰিগুৰী, ছাফাকামাৰ আৰু গোবৰ্ধনা গাঁৱক বেকী নৈৰ প্ৰৱল খহনীয়াৰ শংকাৰ পৰা ৰক্ষা কৰিব পাৰিব৷ আজি কামৰ আৰম্ভণি কৰা আঁচনি দুখনতো জিও বেগ সুৰক্ষাৰ লগতে পকী পাৰ্কুপাইনৰ ব্যৱস্থাও সন্নিবিষ্ট হৈ আছে ৷ আঁচনি দুখনৰ কাম আৰম্ভণিৰ উপলক্ষে বাৰাপেটা আৰু গামাৰিগুৰীত দুখন ৰাজহুৱা সভাও অনুষ্ঠিত হয়।

সভাত দিয়া ভাষণত উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই এই দুয়োখন আঁচনিৰ ৰূপায়নৰ মূল কৃতিত্ব সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাসক প্ৰদান কৰি কয় যে হাউছফেডৰ অধ্যক্ষ তথা বিধায়কৰ নেৰানেপেৰা প্ৰচেষ্টাতে এই দুখন আঁচনিৰ কাৰ্য ৰূপায়ন সম্ভৱ হৈ উঠিছে ৷ খহনীয়া প্ৰতিৰোধৰ উপৰি বৰ্তমান চৰকাৰে গ্ৰহণ কৰা বিভিন্ন অভিলাষী জনহিতকৰ আঁচনিৰ বিষয়েও উপায়ুক্ত শৰ্মাই তেওঁৰ ভাষণত উল্লেখ কৰে। সভাখনৰ আৰম্ভণিতে জল সম্পদ বিভাগৰ বৰপেটা সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা পুলক চৌধুৰীয়ে আদৰণি ভাষণত আঁচনি দুখনৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে।

Exit mobile version