শিশু ইউটিউবাৰ ৰিয়ান কাজি

5fdeffd1f10a9

ন বছৰীয়া শিশু ইউটিউবাৰ ৰিয়ান কাজিয়ে বছৰী উপাৰ্জন কৰে প্ৰায় তিনি কোটি ডলাৰ ।  ভাৰতীয় মুদ্ৰাত প্ৰায় ২২১ কোটি টকা ।

বাণিজ্যপত্ৰিকা ‘ফ’ৰ্বছে’ দিয়া তথ্য অনুসৰি,ৰিয়ানে ২০১৯ জুনৰ পৰা ২০২০ জুনৰ সৰ্বোচ্চ উপাৰ্জনকাৰী ইউটিউবাৰৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে ।

টেক্সাছৰ বাসিন্দা ৰিয়ানৰ ইউটিউব চেনেলৰ নাম হ’ল ‘ৰিয়ান’ছ ৱৰ্ল্ড’ । ইউটিউব‌ ভিডিঅ’ত ৰিয়ানে বক্সবোৰৰ পৰা খেলা সামগ্ৰীবোৰ উলিয়াই আৰু সেইবোৰৰ ওপৰত পৰ্যালোচনা কৰে ।

‘ৰিয়ান’ছ ৱৰ্ল্ড’ নামে ৱেব পেজ থকাৰ লগতে নিকল’ডিয়েন্স চেনেলত নিজস্ব টিভি ছিৰিজ আছে ৰিয়ানৰ।

ছ’চিয়েল মিডিয়াত ৰিয়ান ‘Child Influencer’ হিচাপে পৰিচিত ।

২০১৫ৰ পৰা ৰিয়ানে ইউটিউব ভিডিঅ’ কৰা আৰম্ভ কৰে ।

ইয়াৰ পূৰ্বে ৰিয়ানে অন্যৰ খেলা সামগ্ৰী পৰ্যালোচনাৰ ভিডিঅ’বোৰ পৰ্যৱেক্ষণ কৰিছিল আৰু নিজৰ মাতৃৰ আগত ইচ্ছা প্ৰকাশ কৰিছিল যে তেঁৱো খেলা সামগ্ৰী পৰ্যালোচক হ’ব বিচাৰে।

ৰিয়ান আৰু তেওঁৰ পৰিয়ালে মুঠ নটা ইউটিউব চেনেল পৰিচালনা কৰে । ইয়াৰ ভিতৰত ‘ৰিয়ান’ছ ৱৰ্ল্ডে’ আটাইতকৈ জনপ্ৰিয় । সম্প্ৰতি ৰিয়ান’ছ ৱৰ্ল্ডেৰ ছাবস্ক্ৰাইবাৰ চাৰি কোটি ১৭ লাখ ।

ৰিয়ানৰ সৰ্বাধিক জনপ্ৰিয় ভিডিঅ’টো হ’ল ‘Huge Egg’s Surprise Challenge’ এই ভিডিঅ’ই ইতিমধ্যে দুশ কোটি ভিউজ পাবলৈ সক্ষম হৈছে ।

ইউটিউবাৰ ৰিয়ানৰ চেনেলৰ বিৰুদ্ধে বহুতো অভিযোগো উত্থাপন হৈছে । আমেৰিকাৰ ফেডাৰেল কমিচনৰ অভিযোগ, ৰিয়ানৰ ভিডিঅ’বোৰত স্পনছৰসকলৰ সম্পৰ্কে স্পষ্টভাৱে প্ৰকাশ কৰা নহয় ।

Exit mobile version