আনন্দ-উল্লাসেৰে বৰদিন উদযাপন পশ্চিম কাৰ্বি আংলঙত

61f1c061 b8f1 470d bf2c ba85407fa503

আজি পবিত্ৰ বৰদিন ৷ সেই উদ্দেশ্যে সমগ্ৰ বিশ্বৰ প্ৰান্তৰ দৰে পশ্চিম কাৰ্বি আংলঙতো খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ বৰদিন আয়োজন কৰা পৰিলক্ষিত হৈছে ৷ বৰদিনৰ উপলক্ষে কেওদিশে দেখিবলৈ পোৱা গৈছে আনন্দ উল্লাস ৷

২৫ ডিচেম্বৰৰ দিনটোতে মানৱ জাতিক পাপৰ পৰা উদ্ধাৰ কৰাৰ উদ্দেশ্যৰে পৃথিৱীত জন্ম গ্ৰহণ কৰিছিল প্ৰভু যীচুখ্ৰীষ্টই। সেয়ে এই দিনটোক খ্ৰীষ্টায় ধৰ্মাৱলম্বী লোকসকলে বিশেষ ডাঙৰ দিন অৰ্থাৎ আশীৰ্বাদ প্ৰাপ্তিৰ দিন হিচাপে পালন কৰে ।

সমগ্র বিশ্বৰ লগতে ৰাজ্যখনৰ পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ’ৰ এডেনবাৰী বেপ্তিষ্ট চাৰ্ছতো বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰদিন পালন কৰা দেখা গ’ল । আনহাতে বৰদিনৰ লগত সংগতি ৰাখি আটকধুনীয়াকৈ সজাই-পৰাই তোলা হ’ল গিৰ্জা, খ্ৰীষ্টমাচ ট্ৰী আদি ।

লগতে খ্ৰীষ্টমাচ কেক্ কাটি সমুহিয়াকৈ উপভোগ কৰাও পৰিলক্ষিত হয় এডেনবাৰী বেপ্তিষ্ট গীৰ্জাত ৷ তদুপৰি একত্ৰিত হৈ প্ৰভু যীচু খ্ৰীষ্টক প্রার্থনা কৰাৰ লগতে যীচুৰ শান্তি আৰু মানৱতাৰ বানী বিলোৱাৰ উপৰিও যুৱক যুৱতী-মহিলাসকলে প্ৰভু যীচুৰ সুমধুৰ গীত-মাত, নৃত্য আদি পৰিবেশন কৰে ৷ এনেদৰেই বৈঠালাংছত বৰদিনৰ সামগ্ৰিক পৰিৱেশ উখলমাখল হৈ পৰা পৰিলক্ষিত হয় ।

Exit mobile version