পশ্চিম কাৰ্বি আংলঙৰ দয়াংমুখত মহিলাৰ ৰহস্যজনক নিৰুদ্দেশক লৈ চাঞ্চল্য

Screenshot 161

পশ্চিম কাৰ্বি আংলং জিলাৰ দয়াংমুখত সংঘটিত হোৱা মহিলাৰ ৰহস্যজনক নিৰুদ্দেশৰ ঘটনাক লৈ সৃষ্টি হৈছে এক চাঞ্চল্যকৰ পৰিস্থিতিৰ । খেৰণি থানাৰ অন্তৰ্গত দয়াংমুখৰ দুৰ্গাপুৰ গাঁৱৰ ৰাজলাল বিশ্বাসৰ পত্নী সবিতা বিশ্বাস যোৱা মঙ্গলবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে। দুটি সন্তানৰ মাতৃ সবিতা বিশ্বাস যোৱা কিছুমাহ ধৰি শাৰীৰিকভাৱে অসুস্থ হৈ আছিল।

যোৱা মঙ্গলবাৰে দুপৰীয়া মহিলাগৰাকীয়ে কাৰিখানা গাঁৱৰ ৰকিবুল নামৰ কবিৰাজ এজনৰ ওচৰত চিকিৎসা কৰাবলৈ গৈছিল। কিন্তু তেতিয়াৰে পৰা মহিলাগৰাকী ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ পৰাত বিপাঙত পৰিছে স্বামীসহ সন্তান দুটি আৰু পৰিয়ালবৰ্গ।

ইতিমধ্যে পৰিয়ালৰ লোকে সকলো বিচাৰ-খোচাৰ কৰিও বৰ্তমানলৈকে মহিলাগৰাকীৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই। ঘটনা সন্দৰ্ভত খেৰণি আৰক্ষী চকীত এখন এজাহাৰো দাখিল কৰিছে পৰিয়ালৰ সদস্যই ।

শেহতীয়াকৈ কোনো সদাশয় ব্যক্তিয়ে যদি মহিলা গৰাকীৰ কিবা সন্ধান পায় খেৰণি থানাৰ স’তে যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে ভুক্তভোগী পৰিয়ালবৰ্গই ।

Exit mobile version