ব্ৰিটেইনৰ পৰা অহা এজন লোক ক’ভিড পজিটিভ

77994511

ইংলেণ্ডৰ পৰা উভতি অহা এজন লোকৰ শৰীৰত ক’ভিড-১৯ৰ উপস্থিতি ধৰা পৰিছে যোৰহাটত। এই লৈ তৎপৰ হৈ পৰিছে জিলা প্ৰশাসন। ইতিমধ্যে জিলা প্ৰশাসনে আক্ৰান্ত লোকজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ক’ভিড ভৰ্তি কৰাই অধিক অনুসন্ধানৰ ব্যৱস্থা কৰিছে।

উল্লেখ্য যে, যোৱা ১৩ ডিচেম্বৰত ব্ৰিটেইনৰ পৰা উভতি আহে নগৰৰ উপকণ্ঠ ৰজাবাৰীৰ নিবাসী আচফাকুৰ ৰহমান (৪৭) । তেওঁলোকৰ ঘৰত বন কৰা যুৱতী গৰাকীও ক’ভিড-১৯ ত আক্ৰান্ত হৈছে।

জিলা উপায়ুক্ত ৰোশনি কৰাতিয়ে জনাই যে, আচফাকুৰ ৰহমান যোৱা ১৩ ডিচেম্বৰৰ নিশা ইংলেণ্ডৰ পৰা যোৰহাট পায়হি। সাত দিন নিজ গৃহতে আইচ’লেচনত থকাৰ অন্তত স্বাভাৱিকভাৱে দিন অতিবাহিত কৰে। কিন্তু শেহতীয়াকৈ জিলা প্ৰশাসনে ব্যক্তিজন বহিঃ ৰাষ্ট্ৰৰ পৰা অহা বুলি খবৰ পাই তেওঁলোকৰ পৰিয়ালৰ লগতে তেওঁৰ সংস্পৰ্শলৈ অহা ব্যক্তিৰ অনুসন্ধান কৰি স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰে।

পৰীক্ষা কৰাৰ পাছতে কালি আচফাকুৰ ৰহমান আৰু তেওঁলোকৰ ঘৰৰ বনকৰা যুৱতী টুলুমণিৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰে। লগে লগে জে এম চিত ভৰ্তি কৰোৱাৰ উপৰি নুমুনা সংগ্ৰহ কৰি পোনেৰ ‘নেছনেল ইনষ্টিটিউট অৱ ভাইৰ’লজি’ পৰীক্ষাগাৰত ভাইৰাছ নে মিউটেন্ট পৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হয় ।

উল্লেখযোগ্য যে, ১৩ ডিচেম্বৰত দিল্লীত তেওঁৰ RT PCR পৰীক্ষা কৰিছিল যদিও ৰিপ’ৰ্ট নিগেটিভ ওলাইছিল। ইপিনে, সাত দিনৰ আইচ’লেচনৰ পাছত তেওঁ কে’বাবাৰো স্থানীয় বজাৰলৈ যোৱা বুলি সদৰী কৰিছে।

Exit mobile version