খাবলৈ ভাল নলগা এবিধ পাচলি তিতাকেৰেলা

bitter gourd

শাক পাচলিত বহু পৰিমানে ভিটামিন, মিনাৰেল আৰু ৰোগ নিৰাময় কৰিব পৰা গুণ আছে। বিশেষকৈ স্বাস্থ্য ভালে ৰাখিবলৈ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় কেলছিয়াম, আইৰণ, এন্টিঅক্সিডেন্ট আদি স্বাস্থ্য মৌলবোৰ তিতা খাদ্যত পোৱা যায়

● যিসকল লোক বদহজমত আক্ৰান্ত সেইসকলৰ কাৰণে তিতাকেৰেলাক মহৌষধ স্বৰূপ ।

● নিয়মিত তিতাকেৰেলা খালে মেলেৰীয়া ৰোগে সহজে আক্ৰান্ত কৰিব নোৱাৰে।

● বেছিকৈ তিতা কেৰেলা খোৱাজনৰ এইডছ, কৰ্কট ৰোগ আদিও সহজে হ’ব নোৱাৰে।

●প’টেছিয়াম, আইৰণ, বিটা, কেৰ’টিন, কেলছিয়ামাৰ উপৰি ভিটামিন বি-১, বি-২, বি-৩, চিৰে আদিৰে তিতাকেৰলা সমৃদ্ধ হৈ থাকে।

● কেৰেলাত থকা প’টেছিয়াম, আইৰণ, বিটা, কেৰ’টিন, কেলছিয়ামাৰ উপৰি ভিটামিন বি-১, বি-২, বি-৩, চি আদি থকাৰ ফলত এই খাদ্য খালে ই মানুহক কু-পোষণৰ আঁতৰাই ৰখাত সহায় কৰে।

●কেৰেলাই ৰক্ত শৰ্কৰাক নিয়ন্ত্ৰণত ৰাখে।

●মধুমেহ ৰোগীৰ বাবে ই মহৌষধৰ কাম কৰে।

●ছালত হোৱা দুৰাৰোগ্য ৰোগ যেনে ছ’ৰাইছিছত আক্ৰান্তসকলৰ কাৰণেও তিতাকেৰেলা অতি লাভদায়ক।

●গাত খজুৱতি হ’লে ইয়াক সিজাই গা ধুৱাৰ লগতে খালেও বহুখিন উপশম পোৱা যায়।

●কেৰেলাই তেজ আৰু প্ৰস্ৰাৱৰ পৰা ছুগাৰৰ পৰিমান হ্ৰাস কৰাত সহায় কৰে।

●ৰাতিপুৱা খালী পেটত কেৰেলাৰ ৰস খালে ডায়েবেটিছ নিয়ন্ত্ৰনত থাকে।

●তিতা কেৰেলা বা পাতৰ ৰস মৌ ৰসৰ লগত মিহলাই খালে লিভাৰ আৰু ব্ৰংকাইটিছ ৰোগ ভাল হয়।

●তেজৰ দোষত হোৱা বেমাৰত কেৰেলা ৰস বৰ উপকাৰী খাদ্য।

●কেৰেলা পানীৰে সৈতে ৰান্ধি খালে অৰ্শ ৰোগতো উপকাৰ পোৱা যায়।

◆কেৰেলাৰ ৰস নেমুটেঙাৰ ৰসৰ সৈতে খালে খৰ,খজুৱতি, ৰিংৱৰ্ম আদি চালৰ ভেকুৰ জাতীয় বেমাৰত সুফল পোৱা যায়।

●এজমা, ফেৰিনজাইটিজ, চৰ্দি আদি শ্বাস প্ৰশ্বাসজনিত বেমাৰটো কেৰেলা অতি উপকাৰী ।

◆অত্যাধিক মদ্যপানৰ বাবে যকৃত নষ্ট হলে নিয়মিত কেৰেলা খালে উপকাৰ পোৱা যায়।

Exit mobile version