গুৱাহাটীত আহি উপস্থিত হ’ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

3e924a43 80bf 440e 9d81 76cf74d86358

তিনিদিনীয়া ভ্ৰমসূচীৰে অসমলৈ আহিছে গৃহমন্ত্ৰী অমিত শ্বাহ । নিশা বৰঝাৰস্থিত বিমানবন্দৰত নিশা আহি উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। বিমানবন্দৰৰ পৰা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আদৰণি জনাই ৰাজ্যখনৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল , স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ বহু কেইজন শীৰ্ষ নেতাই।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক সম্ভাষণ জনাবলৈ বিজেপিৰ কাৰ্যকতাসকলে বিমানবন্দৰৰ পৰা জালুকবাৰীলৈ অহা পথছোৱাত ১০হাজাৰ বন্তি প্ৰজলন কৰে । লগতে ৩০০০তকৈ অধিক জনগোষ্ঠীয় নৃত্যৰে আদৰণি জনোৱা হ’ল মন্ত্রী অমিত শ্বাহক ।

আজিৰ দিনটোত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব অমিত শ্বাহে। দিনৰ এক বজাত অমিনগাঁৱত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে । চাৰিখনকৈ আঁচনিৰ মুকলি কৰিব গৃহমন্ত্ৰীগৰাকীয়ে।

ৰাজ্যৰ আঠ হাজাৰ নামঘৰলৈ ২৫০০লাখকৈ সাহাৰ্য্য প্ৰদান । বটদ্ৰৱাৰ আন্ত:গাথনিৰ বাবে ১৫০ কোটি সাহাৰ্য্য । গুৱাহাটী স্থাপন হ’বলগীয়া দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা কৰাৰ লগতে ৷ ৰাজ্যত নতুনকৈ স্থাপন ১০ খন মহাবিদ্যালয়ৰ শিলান্যাস কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে ৷

Exit mobile version