তিনিচুকীয়াৰ লাইকা দধীয়াবাসীৰ কাষত ৰাজ্যৰ বিৰোধী দলপতি :দেৱব্ৰত শ‌ইকীয়া, ৰূপজ্যোতি কুৰ্মী

53e28d80 049a 43d2 8cc0 8ade8ba32543 1

তিনিচুকীয়াৰ লাইকা দধীয়াবাসীক পুনৰ সংস্থাপনৰ দাবীৰে বৰগুৰিৰ জানমুখত অস্থায়ী শিৱিৰ পাতি সাব্যস্ত কৰা প্ৰতিবাদস্থলীত উপস্থিত হয় কংগ্ৰেছ নেতা দুগৰাকী ।

প্ৰতিবাদস্থলীত উপস্থিত হৈ প্ৰতিবাদী ৰাইজৰ বাবে খাদ্যসামগ্ৰী বিতৰণৰ লগতে ২৮ ডিচেম্বৰত আৰম্ভ হ’ব লগা বিধানসভাৰ অধিৱেশনত লাইকা দধীয়াবাসীৰ পুনৰ সংস্থাপনৰ বিষয়টো সজোৰে উত্থাপন কৰিব বুলিও মন্তব্য কৰে কংগ্ৰেছ নেতা দুগৰাকীয়ে।

আনহাতে এসপ্তাহৰ ভিতৰত চৰকাৰে লাইকা দধীয়াবাসীক পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰিলে লাইকা দধীয়াৰ ১৬০০ পৰিয়ালক মৰিয়নি সমষ্টিৰ অসম নাগালেণ্ড সীমান্তত সংস্থাপনৰ ব্যৱস্থা কৰিব বুলিও মন্তব্য মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ।

Exit mobile version