হঠাৎ ৰক্তচাপজনিত সমস্যাত আক্রান্ত হৈ চিকিৎসাধীন হ’ল অভিনেতা ৰজনীকান্ত

rajnikanth 1606980450

দক্ষিণ ভাৰতৰ মহাতাৰকা অভিনেতা ৰজনীকান্তক স্বাস্থ্যজনিত কাৰণত চিকিৎসালয়ত ভর্তি কৰা হ’ল। হায়দৰাবাদৰ এপল’ চিকিৎসালয়ত শুকুৰবাৰে পুৱা ভর্তি হোৱা অভিনেতাজনৰ ৰক্তচাপজনিত সমস্যাৰ সৃষ্টি হােৱা বুলি চিকিৎসালয়ৰ সূত্ৰই সংবাদ মাধ্যমৰ আগত প্রকাশ কৰিছে।

প্রাপ্ত তথ্য অনুসৰি ৰজনীকান্তৰ ৰক্তচাপৰ মাত্রা বিপজ্জনকভাৱে উঠা-নমা কৰিছে। চিকিৎসকে অভিনেতাজনক নিৰীক্ষণত ৰখাৰ লগতে একাধিক প্রয়ােজনীয় পৰীক্ষা সম্পন্ন কৰিছে। ৰক্তচাপ স্বাভাৱিক নােহােৱালৈকে ৰজনীকান্ত চিকিৎসালয়তে থাকিব লাগিব বুলি এপল’ৰ সূত্রই জানিবলৈ দিয়ে।

উল্লেখ্য যে কিছুদিন পূর্বে ৰজনীকান্তে অহা ৩১ ডিচেম্বৰত নিজৰ ৰাজনৈতিক দল গঠনৰ কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিব বুলি ঘােষণা কৰিছিল। কিন্তু এই ঘােষণাৰ পূর্বে স্বাস্থ্যজনিত কাৰণত নেতাজন চিকিৎসাধীন হ’ব লগা হ’ল।

Exit mobile version