মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰম্পৰাগত খাদ্যৰ মেলা মুকলি

b8916823 cd58 41e7 9d6e fdee8990da7f

ৰাজ্যৰ অন্যান্য পৰ্যটনস্থলী সমুহৰ লগতে মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈও প্ৰতিদিনে সোঁত বৈছে অগণন পৰ্যটকৰ ৷ এই সময়তে মানাহৰ দাঁতিকাষৰীয়া গাঁওৰ উদ্যমী মহিলাসকলক লৈ গঠিত “চোমখোৰ মিথিংগা অনছাই আফাদ” আৰু “চোমাইনা” নামৰ দুটিকৈ আত্মসহায়ক গোটে মানাহলৈ অহা পৰ্যটকক আদৰ আপ্যায়নৰ বাবে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷

উক্ত মহিলা আত্মসহায়ক গোট দুটিয়ে ৰাষ্ট্ৰীয় উদ্যানখনলৈ অহা পৰ্যটকক বড়ো সংস্কৃতিৰ পৰম্পৰাগত খাদ্যসম্ভাৰ তথা ৰীতিনীতি,সাংস্কৃতিক উপজীব্যৰে আদৰ আপ্যায়নৰ বাবে আজিৰেপৰা পৰম্পৰাগত খাদ্যৰ মেলা আৰম্ভ কৰিছে ৷ উল্লেখযোগ্য যে এফ এছ এম ফুড ট্ৰেইলছ,গুৱাহাটীৰ প্ৰতিষ্ঠাপক তথা ৰন্ধন প্ৰকৰণ বিষয়ৰ বিশেষজ্ঞা মিতালী জী. দত্তই বিগত ২০১৭ বৰ্ষতে উক্ত আত্মসহায়ক গোট দুটাক পৰম্পৰাগত খাদ্য সামগ্ৰীসমুহ সোৱাদযুক্তভাবে ৰন্ধাৰ উপৰি অতিথিৰ ওচৰত পৰিপাটিকৈ পৰিবেশন কৰাৰ ক্ষেত্ৰত প্ৰশিক্ষণ দিয়াৰ লগতে উক্ত বৰ্ষতে এই প্ৰক্ৰিয়াৰ শুভাৰম্ভণি কৰিছিল ৷

আজিৰে পৰা আৰম্ভ কৰা এই পৰম্পৰাগত খাদ্য পৰিবেশনৰ ব্যৱস্থা সমগ্ৰ পৰ্যটনবৰ্ষজুৰি অব্যাহত থাকিব ৷ উক্ত গোট দুটাৰ ভিতৰত “চোমখোৰ মিথিংগা অনছাই আফাদ” গোটে খাদ্যসম্ভাৰ পৰিবেশৰ ব্যৱস্থা কৰাৰ বিপৰীতে “চোমাইনা” গোটটোৱে পৰ্যটকক বাগুৰুম্বা,খেৰাই আদি বড়ো সংস্কৃতিৰ নৃত্য পৰিবেশনৰ দ্বায়িত্ব গ্ৰহণ কৰিছে৷ মানাহৰ বাঁহবাৰী ৰেঞ্জৰ মূল প্ৰবেশদ্বাৰৰ পৰা পূৱদিশে নাতিদূৰৈত অৱস্থিত “এণ্টি পোচিং কেম্প”ৰ বাকৰিত মুকলি কৰা আত্মসহায়ক গোট দুটাৰ এই ব্যৱস্থাক সহযোগ কৰিছে এফ এছ এম ফুড ট্ৰেইলছ,ডব্লিউ ডব্লিউ এফ ইণ্ডিয়া আৰু বন বিভাগে ৷

উল্লেখযোগ্য যে আত্মসহায়ক গোট দুটাৰ এই প্ৰচেষ্টাই সমুহীয়াভাবে পৰ্যটন উদ্যোগক বিকশিত কৰাৰ লগতে প্ৰত্যেককে আৰ্থিকভাবেও স্বাৱলম্বী হোৱাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে সহযোগী সংস্থাসমুহৰ বিষয়ববীয়াই ৷ আজি খাদ্যমেলা মুকলিৰ এই অনুষ্ঠানত মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক অমল চন্দ্ৰ শৰ্মা,ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ প্ৰকল্প বিষয়া সুশান্ত বৰঠাকুৰ,বাঁহবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ বাবুল ব্ৰহ্মকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

Exit mobile version