১০ বছৰে গৃহবন্দী হৈ থকা উচ্চশিক্ষিত ভাতৃ-ভগ্নীক উদ্ধাৰ

1 RNIvHUGkR3LajptJ0lH Fw

গুজৰাটৰ ৰাজকোটত ১০ বছৰজুৰি গৃহবন্দী হৈ থকা ভাতৃ-ভগ্নীক উদ্ধাৰ কৰিলে সমাজসেৱী সংস্থাই । ৰাজকোটৰ কিষানপাৰাত থকা মেহতা পৰিয়ালৰ চাৰিজন সদস্য দুই ভাতৃ, এজনী ভগ্নী আৰু বয়সস্থ পিতৃ । নবীন মেহতা চৰকাৰী কৰ্মী আছিল বৰ্তমান অৱসৰপ্ৰাপ্ত । মাহেকে ৩৫ হেজাৰ টকা পেঞ্চন লাভ কৰে । নবীনৰ পত্নীৰ ১০ বছৰ পূৰ্বে মৃত্যু হয় ।

মেহতা পৰিয়ালৰ চাৰিজন সদস্য কিন্তু বাহিৰত কেৱল নবীনকহে দেখা যায় । বজাৰ-হাটো নবীনেই কৰে । নবীনৰ ডাঙৰ পুত্ৰ অধিবক্তা আছিল । সৰু পুত্ৰ ৪৯ বছৰ বয়সৰ অৰ্থনীতিত স্নাতক আৰু কন্যা ছাইক’লজিত স্নাতকোত্তৰ । প্ৰত্যেকেই উচ্চশিক্ষিত ।

এজন প্ৰতিবেশীয়ে কয় যে, তেওঁলোকে যেতিয়া মেহতা পৰিয়ালৰ গৃহত প্ৰৱেশ কৰিছিল কটূ গোন্ধ পাইছিল । চাৰিওফালে মল-মূত্ৰ, আধাখোৱা পচা খাদ্য আদি সিঁচৰিত হৈ আছিল । মাজ মজিয়াত পৰি আছিল কংকাল সদৃশ তিনিজন লোক । তেওঁলোকৰ গাত কোনো পোছাক নাছিল ।

নবীনে কয় যে, ১০ বছৰজুৰি নিজ সন্তানক গৃহবন্দী কৰি ৰাখিছিল তেওঁ । পত্নীৰ মৃত্যুৰ পাছত আঘাত পাইছিল সন্তানকেইটাই । সেয়েহে হঠাৎ নিজকে গৃহবন্দী কৰে তেওঁলোকে ।

স্বাচ্ছাসেৱী সংস্থাৰ মুৰব্বীয়ে কয়, উদ্ধাৰ হোৱা এই পুৰুষ আৰু মহিলাৰ ভিতৰত কোনোৱে মানসিক ভাৰসাম্যহীন নহয় । তেওঁলোকৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে ।

Exit mobile version