২০২১ত সংঘটিত হ’ব চাৰিটা গ্ৰহণ

facebook link post image June 2020 Will Have Both a Solar and Lunar Eclipse

২০২১ত চাৰিটা গ্ৰহণৰ সাক্ষী হ’ব সমগ্ৰ বিশ্বই । ইয়াৰ ভিতৰত এটা পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ আৰু আনটো পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ । কিন্তু ‌চাৰিটা গ্ৰহণৰ ভিতৰত দুটা গ্ৰহণহে প্ৰত্যক্ষ কৰিব পাৰিব ভাৰতবাসীয়ে । এই কথা সদৰী কৰে মধ্যপ্ৰদেশৰ উজ্জেইনৰ ‘জিৱাজি অবজাৰভেটৰী’ৰ অধীক্ষক ৰাজেন্দ্ৰ প্ৰকাশ গুপ্তাই ।

ৰাজেন্দ্ৰ প্ৰকাশে কয়, ‘প্ৰথম গ্ৰহণটো ২৬ মে’ত হ’ব । সেইটো হ’ব চন্দ্ৰগ্ৰহণ । পশ্চিমবংগ, উপকূলীয় উৰিষ্যা আৰু উত্তৰ-পূৱৰ ৰাজ্যবোৰত আংশিকভাৱে প্ৰত্যক্ষ কৰিব পাৰা যাব এই গ্ৰহণ । কিন্তু ছিকিমত এই গ্ৰহণ প্ৰত্যক্ষ নহ’ব ।’লগতে তেওঁ কয় যে, ১০ জুনত পুনৰ সূৰ্যগ্ৰহণ হ’ব । কিন্তু এই গ্ৰহণ ভাৰতত প্ৰত্যক্ষ নহ’ব ।

ফলত সূৰ্যৰ ৯৪.৩ শতাংশ ঢাক খাই যাব । সেয়েহে সেই সময়ত কেৱল এটা বলয়হে দেখা যাব ‘ৰিং অৱ ফায়াৰ’ৰ দৰে । পৰৱৰ্তী চন্দ্ৰগ্ৰহণ হ’ব ১৯ নৱেম্বৰত । এই গ্ৰহণ উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ আৰু অসমৰ কিছু অংশত আংশিকভাৱে প্ৰত্যক্ষ হ’ব কিছু সময়ৰ বাবে । সেই সময়ত পৃথিৱীয়ে চন্দ্ৰৰ ৯৭.৯ শতাংশ ঢাকি পেলাব ।চাৰি ডিচেম্বৰত পুনৰ পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ সংঘটিত হ’ব । কিন্তু এই গ্ৰহণো ভাৰতত প্ৰত্যক্ষ নহ’ব বুলি জনায় ৰাজেন্দ্ৰ প্ৰকাশে ।

Exit mobile version