ওহানত কৰ’না সংক্ৰমণৰ খবৰ প্ৰচাৰৰ  অপৰাধত চাৰি বছৰৰ কাৰাদণ্ড

zhang 2

চীনৰ ওহানত কৰ’না সংক্ৰমণৰ খবৰ লাইভষ্ট্ৰিম কৰাৰ অপৰাধত এজন ‘চিটি জাৰ্নেলিষ্ট’ক চাৰি বছৰৰ কাৰাদণ্ড দিলে চীনৰ ন্যায়ালয়ে । যোৱা মে’ৰ পৰাই ঝাং ঝান নামৰ সাংবাদিকজনক আটক কৰি ৰাখিছিল চীন প্ৰশাসনে । তেওঁৰ বিৰুদ্ধে ‘দেশৰ আভ্যন্তৰীণ কন্দল প্ৰকাশ কৰি সমস্যাৰ সৃষ্টি কৰাৰ’ অভিযোগ উত্থাপন কৰিছে ।

বিগত বৰ্ষৰ নৱেম্বৰত ওহানৰ পৰাই কৰ’না ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হৈছিল । সেই ভয়ানক পৰিস্থিতিৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰিছিল ঝানে । ঝানে অভিযোগ উত্থাপন কৰিছিল যে,‌ চৰকাৰে এই মাৰাত্মক ৰোগৰ সম্পূৰ্ণ তথ্য জনসাধাৰণক দিয়া নাই । ইয়াৰ পাছতেই প্ৰশাসনিক ৰোষৰ সন্মুখীন হয় ঝান । চৰকাৰ বিৰোধী কাম কৰা বুলি অভিযোগ উত্থাপন কৰি ঝানসহ আঠজনক আটক কৰে ।

ঝানৰ শাৰীৰিক অৱস্থা ভাল নহয় বুলি জনায় ঝানৰ অধিবক্তাই । তেওঁ কয়, ‘ঝানে মোক কৈছে চৰকাৰৰ কাৰাদণ্ডৰ প্ৰতিবাদত তেওঁ অনিৰ্দিষ্ট কাললৈ অনশন কৰি যাব ।’

কৰ’না ভাইৰাছক লৈ চীনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে এইটো এক প্ৰকাৰৰ ‘ৰাসায়নিক অস্ত্ৰ’ । কিন্তু চীনে এই অভিযোগ নাকচ কৰি আহিছে । যদিও এই অভিযোগৰ প্ৰমাণিত তথ্য পোৱা নাই । বিশ্ব স্বাস্থ্য সংস্থাও এই দাবীক নস্যাৎ কৰিছে । কিন্তু তৎস্বত্তেও প্ৰশ্ন উত্থাপন হৈছে যে এই ভাইৰাছ আহিল ক’ৰ পৰা ?

কিছুদিন পূৰ্বে বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞৰ এটা দল ওহানত গৈছিল তদন্তৰ বাবে । ওহানৰ পৰা কৰ’নাৰ সংক্ৰমণ আৰম্ভ হ’লেও বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে ওহানত । ফলত দেশৰ অৰ্থনীতিৰো অধিক ক্ষতি হোৱা নাই ।

Exit mobile version