ধৰ্মান্তৰণ সন্দৰ্ভত  অমৰ্ত্য সেনৰ মন্তব্য

2020 2largeimg 1194477952

ভাৰতত অসবৰ্ণ বিবাহ ৰোধ কৰিবৰ বাবে ধৰ্মান্তৰণ প্ৰতিৰোধী আইনক লৈ ন’বেল জয়ী অৰ্থনীতিবিদ অমৰ্ত্য সেনে মত প্ৰকাশ কৰে । শেহতীয়া এক সাক্ষাৎকাৰত অমৰ্ত্য সেনে কয়, ‘এইটো এটা চিন্তনীয় বিষয় । ইয়াৰ দ্বাৰা দেশৰ জনগণৰ স্বাধীনতাত হস্তক্ষেপ কৰা হৈছে । জীৱন যাপনৰ অধিকাৰ মানুহৰ মৌলিক অধিকাৰ হিচাপে স্বীকৃত । কিন্তু এই আইনৰ দ্বাৰা জনসাধাৰণৰ মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে । কাৰণ সকলোৰে নিজৰ ধৰ্ম পৰিৱৰ্তন কৰি অন্য ধৰ্ম গ্ৰহণৰ অধিকাৰ আছে । নিজৰ ইচ্ছামতে ধৰ্ম গ্ৰহণ কৰাটো সাংবিধানিক অধিকাৰ ।

সেয়েহে এই আইনটো অসাংবিধানিক ।”লাভ জিহাদ’ৰ অজুহাত দেখুৱাই বিজেপিশাসিত ৰাজ্যত ধৰ্মান্তৰণ প্ৰতিৰোধী আইন কাৰ্যকৰী কৰিবৰ বাবে উঠিপৰি লাগিছে, সেই সময়ত অমৰ্ত্য সেনৰ মন্তব্য তাৎপৰ্যপূৰ্ণ ।এনে এক ঘটনাৰ সন্দৰ্ভত সোমবাৰে শুনানি দি ইলাহাবাদ উচ্চতৰ ন্যায়ালয়ে কয়, ‘এগৰাকী প্ৰাপ্তবয়স্ক যুৱতীৰ নিজ ইচ্ছামতে স্বামীৰ স’তে জীৱন কটোৱাৰ অধিকাৰ আছে ।’ সোমবাৰে সেনে কয়, ‘অনতি পলমে এই বিষয়ত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচৰা উচিত ।

এই আইনক অসাংবিধানিক ঘোষণা কৰিবৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিব লাগে । এইটো এটা গুৰুত্বপূৰ্ণ বিষয় । ভাৰতত ইতিহাসত এনে দৃষ্টান্ত নাই । আকবৰৰ শাসনকালতে নিয়ম বান্ধি দিয়া হৈছিল যিকোনো লোকে নিজ ইচ্ছামতে ধৰ্ম গ্ৰহণ কৰিব পাৰে । লগতে যিকোনো ধৰ্মাৱলম্বী লোকৰ স’তে বিবাহ কৰাবও পাৰে । সেয়েহে আমাৰ দেশত এইটোৱে প্ৰথা চলি আহিছে । আমাৰ সংবিধানত ব্যক্তি স্বাধীনতাৰ কথা স্পষ্টভাৱে লিখা আছে । এই আইনৰ দ্বাৰা সংবিধানকে অপমান কৰা হৈছে ।

‘তেওঁ লগতে কয়, ‘এই আইনখনক ‘ক্ৰিমিনেল এক্ট অৱ লাভ জিহাদ’ বুলি কোৱা হৈছে । ভালকৈ পৰ্যৱেক্ষণ কৰিলে দেখা যায় যে ‘লাভ’ বা প্ৰেমৰ কোনো ‘জিহাদ’ নাথাকে । অন্য ধৰ্মৰ লোকক ভাল পায় বিয়া কৰালে ‘লাভ জিহাদ’ নাথাকে । ঠিকসেইদৰেই নিজ ইচ্ছামতে যিকোনো ধৰ্ম গ্ৰহণ কৰাটো কোনো সমস্যা নাই । এইটো এটা ৰাজনৈতিক দলৰ আইন ইয়াৰ জৰিয়তে ভাৰতক অপমান কৰা হৈছে । এইটো ভাৰতীয় সংস্কৃতি নহয় । মোৰ বিশ্বাস ন্যায়ালয়ে ইয়াৰ প্ৰত্যোত্তৰ দিব ।’

Exit mobile version