ব্ৰিটেইনৰ পৰা অহা ছয় ভাৰতীয়ৰ শৰীৰত কৰ’নাৰ নতুন ষ্ট্ৰেনৰ  উপস্থিতি পোৱা গৈছে

76102422

অৱশেষত কৰ’নাৰ নতুন ষ্ট্ৰেনৰ ৰক্ষা নপৰিল ভাৰতো‌ । ব্ৰিটেইনৰ পৰা অহা ছয় ভাৰতীয়ৰ দেহত পোৱা গৈছে কৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেন‌ । এই খবৰে বৰ্তমান দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । ইয়াৰে তিনিজন মেডিকেল স্কুল অৱ বাংগালোৰুৰ, দুজন চিচিএমবি হায়দৰাবাদৰ আৰু এজন এনআইভি পুনেৰ ।

ব্ৰিটেইনসহ ইউৰোপৰ বহু দেশ বৰ্তমান এই নতুন ষ্ট্ৰেনৰ কৱলত । কৰ’না সংক্ৰমণ ৰোধ কৰিবৰ বাবে তাতে পুনৰ লকডাউন ঘোষণা কৰা হৈছে । ভাৰতেও ব্ৰিটেইনৰ বিমান সেৱা বন্ধ কৰি সংক্ৰমণ ৰোধ কৰাৰ চেষ্টা কৰিছে ।

কিন্তু তৎস্বত্তেও ৰক্ষা নপৰিল ভাৰত । সূত্ৰ অনুসৰি, ব্ৰিটেইনৰ পৰা অহা ছজন ভাৰতীয়ৰ শৰীৰত কৰ’নাৰ নতুন ষ্ট্ৰেনৰ উপস্থিতি পোৱা গৈছে । কৰ’নাৰ এই ভেৰিয়েণ্টটোৰ ক্ষমতা পূৰ্বতকৈ ৭০ শতাংশই অধিক সংক্ৰামক । সেয়েহে জনসাধাৰণৰ মাজত অধিক আতংকৰ সৃষ্টি হৈছে ‌।

চৰকাৰে দিয়া তথ্য অনুসৰি, নতুন ষ্ট্ৰেনৰ উপস্থিতি পোৱা লোকসকলক পৃথক পৃথককৈ ৰখা হৈছে । চিকিৎসকসকলৰ পৰ্য্যৱেক্ষণত আছে এই লোকসকল । লগতে অন্য কৰ’না ৰোগীসকল যাতে তেওঁলোকৰ সংস্পৰ্শত নাহে তাৰ প্ৰতিও লক্ষ্য ৰখা হৈছে ।

কৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেনকলৈ সম্প্ৰতি বহু প্ৰশ্নৰ উত্থাপন হৈছে । কৰ’না ভাইৰাছৰ ভেকচিন ব্যৱহাৰ কৰি নতুন ষ্ট্ৰেনটোক প্ৰতিৰোধ কৰিব পৰা যাব নে নাই সেয়া লৈও প্ৰশ্ন উত্থাপিত হৈছে ।

Exit mobile version