লণ্ডনৰ পৰা অহা দম্পত্তীৰ শৰীৰত কৰ’নাৰ ন প্ৰজাতিৰ সন্দেহ

gettyimages 1202461440 custom 2911e040b4f2ac6d2bd2eaf909f57fb717eeb04c s800 c85

শেহতীয়াকৈ ইংলেণ্ডত ত্ৰাসৰ সঞ্চাৰ কৰা কৰ’না ভাইৰাছৰ নতুন প্ৰজাতিৰ সন্ধান ওলাল গোলাঘাটত । ফলত জিলাখনত কৰ’নাৰ দ্বিতীয় লহৰ উঠাৰ আশংকা ঘনীভূত হৈ পৰিছে । লণ্ডনৰ পৰা অহা এক  দম্পত্তীৰ শৰীৰত কৰ’না ভাইৰাছৰ নতুন প্ৰজাতিৰ উপস্থিতি ধৰা পৰা বুলি জিলা স্বাস্থ্য বিভাগৰ সূত্ৰই জনাইছে । উল্লেখ্য যে ক’ভিড-১৯ৰ প্ৰতিষেধক দিবলৈ আৰম্ভ কৰাৰ সময়তে কৰ’না ভাইৰাছৰ এক নতুন ৰূপে ইংলেণ্ডৰ কিছু অঞ্চলত ব্যাপক ৰূপ ধাৰণ কৰে ।

তাৰ বাবে ভাৰতৰ পৰা লণ্ডনলৈ বিমান পৰিৱহণ সাময়িকভাৱে স্থগিত ৰখা হৈছে । কিন্তু কৰ’নাৰ নতুন প্ৰজাতিয়ে সংক্ৰমণ আৰম্ভ কৰাৰ সময়তে ইংলেণ্ডৰ পৰা দেশলৈ উভতি অহা একাংশ লোক আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছিল । আনকি অসমতো এই নতুন প্ৰজাতিৰ উপস্থিতি ইতিমধ্যে ধৰা পৰিছিল । এতিয়া সেই আশংকা প্ৰৱল কৰি তুলিলে গোলাঘাটৰ আগৰৱালা উপাধিৰ দম্পত্তীয়ে । জিলা স্বাস্থ্য বিভাগৰ সূত্ৰই জনোৱা মতে, উক্ত পৰীক্ষাত এই নতুন প্ৰজাতিৰ উপস্থিতি দুয়োৰে দেহত ধৰা পৰে ।

যাৰ বাবে সম্প্ৰতি গোলাঘাট জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগ তৎপৰ হৈ উঠিছে । কৰ’নাৰ নতুন প্ৰজাতিৰ সন্ধান পোৱাৰ লগে লগে ৰোৱা নিশাই আগৰৱালা দম্পত্তীক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰা হয় । জিলা স্বাস্থ্য বিভাগৰ সূত্ৰই জনোৱা মতে, উক্ত দম্পত্তীৰ ক’ভিড-১৯ পৰীক্ষাৰ ফলাফল প’জিটিভ আহিছে আৰু তেওঁলোক লণ্ডনত নতুনকৈ সংক্ৰমিত হোৱা নতুন প্ৰজাতিৰ কৰ’না ভাইৰাছ বুলিয়ে সন্দেহ কৰা হৈছে ।

উক্ত দম্পত্তীৰ শৰীৰত কৰ’না উপস্থিতি ধৰা পৰাৰ পাছতে স্বাস্থ্য বিভাগে‌ তেওঁলোকৰ সংস্পৰ্শলৈ আহা‌ লোকসকলৰ পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহৰ কাম আৰম্ভ কৰিছে । উল্লেখ্য যে এটা সময়ত ক’ভিড-১৯ৰ বিভীষিকাৰ সৃষ্টি হৈছিল গোলাঘাট জিলাত । কিন্তু শেহতীয়াকৈ জিলাখনত ক’ভিড ৰোগীৰ সংখ্যা শূণ্য হৈছিল । কিন্তু নতুনকৈ লণ্ডনৰ পৰা দম্পত্তীৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা সম্প্ৰতি জিলাবাসী শংকিত হৈ পৰিছে । কিয়নো উক্ত দম্পত্তীয়ে ইতিমধ্যে বহু লোকৰ সংস্পৰ্শলৈ আহিছে । ইয়াৰ পৰিপ্ৰেক্ষিততে জিলাখনত পুনৰ গণ সংক্ৰমণৰ আশংকাই গা কৰি উঠিছে ।

Exit mobile version