কুঁহিয়াৰ খেতিৰে স্বাৱলম্বী বাগছাৰ পলাশগুৰিৰ কান্তেশ্বৰ দাস

WhatsApp Image 2020 12 30 at 3.59.52 PM

কুঁহিয়াৰৰ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে বাগছাৰ পলাশগুৰিৰ এগৰাকী ৫০ৰ উৰ্ধৰ ব্যক্তিয়ে । বাগছাৰ চাপাগুৰি সমষ্টিৰ পলাশগুৰি নিবাসী কান্তেশ্বৰ দাস নামৰ লোকজনে প্ৰায় পাঁচ বিঘা মাটিত কুঁহিয়াৰৰ খেতি কৰি বছৰত চাৰিৰ পৰা পাঁচলাখ টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

কৃষি বিভাগৰ চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কৃষক কান্তেশ্বৰ দাসে নিজৰ পকেটৰ ধনেৰে কুঁহিয়াৰৰ খেতিত ধৰা পোক মাৰিবৰ বাবে ঔষধ ক্ৰয় কৰিব লাগে ৷ কান্তেশ্বৰ দাসৰ কুঁহিয়াৰৰ খেতিডৰাৰ পৰা কুঁহিয়াৰ নিবলৈ মুছলপুৰ, থমনা, ডুমুনী, বৰমা, বৰপেটাৰ পৰা পাইকাৰী বেপাৰী আহে কান্তেশ্বৰ দাসৰ ওচৰলৈ ৷

 

কান্তেশ্বৰ দাসে জানিবলৈ দিয়ামতে তেওঁ পাঁচ বছৰ ধৰি কুঁহিয়াৰৰ খেতি কৰি আহিছে ৷ কুঁহিয়াৰৰ খেতি কৰিয়ে লোকজনে দুজনকৈ ল’ৰাছোৱালীক কলেজীয়া শিক্ষা প্ৰদান কৰি অহাৰ লগতে সুন্দৰকৈ চলাই নিবলৈ সক্ষম হৈছে পৰিয়ালটো ৷ কান্তেশ্বৰ দাসে অন্য খেতিতকৈ কুঁহিয়াৰ খেতিৰ জৰিয়তে অধিক লাভৱান হ’ব পাৰি বুলি জানিবলৈ দিয়ে ৷

লগতে চাকৰিৰ পিছত দৌৰি একাংশই হাবাথুৰি খোৱাৰ পৰিৱৰ্তে ভালকৈ মনোনিৱেশ কৰি কুঁহিয়াৰ খেতিৰ জৰিয়তেই নিজৰ পৰিয়াল সুন্দৰকৈ চলাই নিব পাৰি বুলি উল্লেখ কৰে৷ এতিয়া যুৱ প্ৰজন্ম তথা আন বহুজনৰ বাবে আদৰ্শ হৈ পৰিছে কৃষক কান্তেশ্বৰ দাস ৷

Exit mobile version