জীৱনৰ ৬৪ বয়সত এম বি বি এছৰ ছাত্ৰ হ’ল অৱসৰপ্ৰাপ্ত বেংক কৰ্মী

946033 jaykishorepradhan

মানুহজনৰ বয়স ৬৪ বছৰ । নাম জয়কিশোৰ প্ৰধান । ঘৰ ওড়িছাত । পূৰ্বে ষ্টেট বেংক অৱ ইণ্ডিয়াত কাম কৰিছিল । বৰ্তমান কামৰ পৰা অৱসৰ লৈছে; কিন্তু সময় পাৰ কৰিবলৈ পঢ়া-শুনা কৰাৰ আগ্ৰহ এতিয়াও হ্ৰাস পোৱা নাই ।

দেশৰ বাকী পৰীক্ষাৰ্থীসকলৰ দৰে প্ৰধানেও বহিছিল ‘নেছনেল ইলিজিবিলিটি কাম এণ্ট্ৰেন্স টেষ্ট’ (নিট)ৰ পৰীক্ষাত । এই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত এতিয়া এম বি বি এছ পাঠ্যক্ৰমত নামভৰ্তি কৰিছে প্ৰধানে ।

জীৱনৰ ৬৪ বছৰ বয়সত আকৌ এবাৰ প্ৰথম বৰ্ষৰ ছাত্ৰ হ’ল প্ৰধান । চিকিৎসা বিজ্ঞানৰ ছাত্ৰৰূপে জয়কিশোৰ প্ৰধানে ওড়িছাৰ বুৰলাস্থিত বীৰ সুৰেন্দ্ৰ চাই ইউনিভাৰ্চিটি অৱ টেকন’লজি অধ্যয়ন কৰিব ।

এই সন্দৰ্ভত শিক্ষা প্ৰতিষ্ঠানৰ সঞ্চালক ললিত মেহেৰে কয়, ‘এইটো দেশৰ চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ ইতিহাসত অন্যতম বিৰল ঘটনা । এই বয়সত চিকিৎসা বিজ্ঞানৰ ছাত্ৰৰূপে নামভৰ্তি কৰি প্ৰধানে নতুন নিদৰ্শনৰ সৃষ্টি কৰিলে ।’

বেংকৰ চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ পাছত প্ৰধানৰ দুই যমজ ভগ্নীৰ ভিতৰত এগৰাকীৰ মৃত্যু হয় । ভগ্নীক হেৰুৱাৰ পাছৰে পৰা প্ৰধানে চিকিৎসা বিজ্ঞান পঢ়াৰ বাবে মন স্থিৰ কৰে ।

এম বি বি এছ অধ্যয়ন সম্পূৰ্ণ হোৱাৰ সময়লৈ প্ৰধানৰ বয়স হ’বগৈ প্ৰায় ৭০ বছৰ । নিজৰ অধ্যয়নৰ সন্দৰ্ভত প্ৰধানে কয়, ‘এই অধ্যয়নৰ পাছত মোৰ কোনো ব্যৱসায়িক উদ্দেশ্য নাই । মই যিমান দিনলৈ জীৱিত থাকিম সিমান দিনলৈ মানুহৰ সেৱা কৰিব বিচাৰো ।’

Exit mobile version