শীত প্ৰৱাহৰ কবলত উত্তৰ ভাৰত

PTI31 10 2020 000024A 1604134860961 1604134877245

দেশৰ ৰাজধানী মহানগৰ নতুন দিল্লীত সৰ্বনিম্ন তাপমাত্ৰা শূণ্যলৈ অৱনমিত হোৱাৰ আশংকাৰ সৃষ্টি হৈছে । যোৱা ২৪ ঘণ্টাত দিল্লীৰ ছফদৰজং অঞ্চলত সৰ্বনিম্ন তাপমাত্ৰা ৩.৬ ডিগ্ৰী ছেলছিয়াছ হোৱাৰ পাছতে এনে আশংকাৰ সৃষ্টি হৈছে । ৰাজধানী মহানগৰখনত দৈনিক তাপমাত্ৰা হ্ৰাস পাবলৈ লৈছে । দিল্লীৰ বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি আগন্তুক ২৪ ঘণ্টাত দুই ডিগ্ৰীৰ অধিক তাপমাত্ৰা হ্ৰাস পাব পাৰে । এনে হ’বলৈ হ’লে সৰ্বনিম্ন তাপমাত্ৰা শূণ্য ডিগ্ৰীৰ ওচৰ চাপিব ।

দিল্লীৰ সৰ্বনিম্ন তাপমাত্ৰা দেওবাৰে নিশা ৫.৬ ডিগ্ৰীলৈ নামিছিল । ইয়াৰ পাছত যোৱা নিশা সৰ্বনিম্ন দুই ডিগ্ৰী ছেলছিয়াছ হ্ৰাস পাই হৈছেগৈ ৩.৬ ডিগ্ৰী ছেলছিয়াছ । উল্লেখ্য যে ১৯৩০ৰ ২৭ ডিচেম্বৰত দিল্লীৰ তাপমাত্ৰা শূণ্য ডিগ্ৰীলৈ অৱনমিত হৈছিল । লক্ষ্যনীয়ভাৱে পশ্চিম হিমালয়াৰ লগতে পাৰ্শ্বৱৰ্তী বৃহত্তৰ অঞ্চলটোত প্ৰায় সকলোতে সম্প্ৰতি বৰফ পৰিছে ।

জম্মু-কাশ্মীৰৰ বহু অঞ্চলৰ লগতে হিমাচল প্ৰদেশৰ চিমলা, মনালী, ডেলহাউছিও এতিয়া বৰফৰ কবলত । ফলত শীতপ্ৰৱাহৰ কবলত পৰিছে উত্তৰ ভাৰতৰ বিস্তৃত অঞ্চল । বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি পশ্চিমৰ পৰা বলি থকা বতাহ হ্ৰাস পালে তাপমাত্ৰা আৰু অধিক হ্ৰাস পাব পাৰে । কাৰণ এনে অৱস্থাত বাধাহীনভাৱে উত্তৰৰ পৰা বলা বতাহে প্ৰৱেশ কৰিব ।

অহা তিনি-চাৰি দিনত এই শীত প্ৰৱাহ অধিক তীব্ৰ হ’ব পাৰে বুলিও সতৰ্ক কৰা হৈছে । উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা, চণ্ডিগড়, দিল্লী, উত্তৰ ৰাজস্থানৰ প্ৰায়বিলাক অঞ্চল ইয়াৰ ফলত তীব্ৰ শীত প্ৰৱাহৰ কবলত পৰিব ।

বতৰ বিজ্ঞান কেন্দ্ৰৰ পূৰ্বাভাস অনুসৰি ডিচেম্বৰৰ অন্তিম দিন দুটাত বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগ ওড়িছাত তাপমাত্ৰা আৰু অধিক হ্ৰাস পাব । সাধাৰণতে ১০ ডিগ্ৰীতকৈ তাপমাত্ৰা তললৈ গ’লেই শীত প্ৰৱাহৰ কবলত পৰা বুলি বতৰ বিজ্ঞানৰ ভাষাত কোৱা হয় ।

উত্তৰ-পশ্চিম ভাৰতৰ সৰহ সংখ্যক চহৰতে শীতৰ সময়ত বতাহত প্ৰদূষণৰ মাত্ৰা অধিক বৃদ্ধি পায় । এইবাৰো ইয়াৰ পৰিৱৰ্তন হোৱা নাই । বতাহ মান ৰেখা অনুসৰি উত্তৰ প্ৰদেশৰ বাঘপট, গুৰুগ্ৰাম, নয়দা, গ্ৰেটাৰ নয়দা, গাজিয়াবাদৰ দৰে চহৰবিলাকত বায়ুৰ প্ৰদূষণ অধিক হোৱাটো ধৰা পৰিছে । অৱশ্যে যোৱা সপ্তাহতকৈ বৰ্তমান প্ৰদূষণ কিছু হ্ৰাস পোৱা বুলি জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই ।

Exit mobile version