তিনিচুকীয়াৰ লাইকা দধীয়াবাসীৰ কাষত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা

d28a448b 73de 4f24 ae5d 1b94c8dfb748

২১ ডিচেম্বৰৰ পৰা বিগত ১১ দিন ধৰি লাইকা- দধীয়া অঞ্চলৰ প্ৰায় ১৪ শ পৰিয়ালে পুনৰ সংস্থাপনৰ দাবীত তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপৰ এডোখৰ চৰকাৰী ভূমিত অস্থায়ী শিৱিৰ স্থাপন কৰি ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী চলাই আহিছে ।  এই প্ৰতিবাদী কাৰ্যসূচীত আজি অংশ লয় আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱাই ।

ADVERTISEMENT

ইফালে প্ৰতিবাদত অংশগ্ৰহণ কৰি লাইকা-দধিয়াবাসীক লৈ চৰকাৰে ৰাজনীতি নকৰিবলৈ সকীয়নি প্ৰদান কৰাৰ লগতে ৰাজনীতিৰ বাহিৰত থাকি অতিসোনকালে পুনৰ সংস্থাপন কৰিবলৈ দাবী জনায় সম্পাদক গৰাকীয়ে ।

আনহাতে যোৱাকালি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে অনুষ্ঠিত হোৱা বৈঠকত এখন কমিতি বনাই দিয়াৰ লগতে ৩১ জানুৱাৰীৰ পূৰ্বে সমস্যাটো সমাধান কৰিবলৈ নিৰ্দেশ দিয়া কায্যক প্ৰকৃত ৰূপত কায্যকৰী কৰিবলৈ দাবী জনায় আছুৰ সম্পাদক শংকৰজ্যোতিৰ লগতে টি এম পি কে ৰ নেতৃত্বই ।

Exit mobile version