2222 2

২০২১ত মই প্ৰতিবাদৰ অন্ত পৰাটো বিচাৰো:অভিনেতা আৰিফ  আলী

 

‘অসমবাসীলৈ মই নৱ বৰ্ষৰ আন্তৰিক শুভেচ্ছা যাচিলো । ২০২১ত মই প্ৰতিবাদৰ অন্ত পৰাটো বিচাৰো । টোলগেটৰ সংখ্যা কমি গ’লে ভাল হয় । সাধাৰণ মানুহৰ সমস্যাত চৰকাৰে গুৰুত্ব আৰোপ কৰিব লাগে । মই ভাবো অসমখন সাংস্কৃতিকভাৱে সম্পূৰ্ণ ঠিকে আছে কিন্তু ৰাজনৈতিকভাৱে কিছু পৰিমাণে ঠিক হ’ব লাগে । অসমখন সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে শান্ত ৰাজ্য হিচাপে পৰিচিত । সেয়েহে ‘কা’ আন্দোলন বা টোল গেট আদি সমস্যাবোৰ চৰকাৰে সমাধান কৰিব লাগে । এটা সময়ত আল্ফাৰ বাবে বহুত অশান্ত পৰিৱেশৰ সৃষ্টি হৈছিল কিন্তু সময়ৰ লগত সকলোবোৰ ঠিক হৈ গ’ল । তেনেদৰেই সকলোবোৰ সমস্যাৰ সমাধান হোৱাতো বিচাৰো ।’

‘শেহতীয়াকৈ জোনাকী বৰুৱাৰ এখন ফিল্ম মুক্তি পাইছে ‘জোনাকি পৰুৱা’ প্ৰকাশ ডেকাই পৰিচালনা কৰা । নাছিবৰ মজিদৰ ফিল্ম ‘বেহু’ খুব শীঘ্ৰে মুক্তি পাব । ফিল্মখনৰ কাম প্ৰায় সমাপ্ত হৈছেই ।’

‘ভাল-বেয়াৰ মাজতে ২০২০ বৰ্ষটো গ’ল । পাৰিবাৰিক দিশৰ পৰা ভাল বুলিয়ে ক’ব পাৰি কাৰণ পৰিয়ালবৰ্গক সময় দিব পাৰিছো । কিন্তু প্ৰ’ফেছনেলি খুবেই বেয়া । লকডাউনে অৰ্থনৈতিকভাৱে যথেষ্ট প্ৰভাৱ পেলাইছে মাৰ্চৰ পৰাই কাম বন্ধ হৈ আছে । কিন্তু মানসিক সন্তুষ্টি আছে যে পৰিয়ালৰ স’তে বহু সময় অতিবাহিত কৰিব পালো ।’

Exit mobile version