এখন ক’ভিড মুক্ত বিশ্ব বিচাৰো : অভিনেত্ৰী লিমা দাস
‘নতুনত্ব আহিবলৈ হ’লে পৃথিৱীখনত নতুনত্ব আহিব লাগিব । আমি ক’ভিডৰ পৰা মুক্ত হ’ব লাগিব । সম্প্ৰতি ক’ভিড প্ৰতিষেধক ওলাইছে । উন্নতি হ’বলৈ হ’লে সকলোৱে সুস্থ থাকিব লাগিব । অতিমাৰিৰ বাবে আমাৰ বহুত ক্ষতি হৈছে । গতিকে আমি প্ৰথমে তাৰ সমাধান ওলিয়াব লাগিব । আমি অসমৰ লগতে বিশ্বৰ কথাও চিন্তা কৰিব লাগিব । প্ৰত্যেকেই যদি নিজৰ কাম সুচাৰুৰূপে কৰি যাওঁ আসমে নিশ্চয় আগবাঢ়ি যাব । অসমৰ উন্নতি হ’লে ভাৰতৰো উন্নতি হ’ব । আমাৰ নৱ প্ৰজন্মৰ প্ৰচূৰ সম্ভাৱনা আছে । সকলোৱে নিষ্ঠাৰে কাম কৰে । ভাল ভাল কাম কৰি আহিছে । ব্যক্তিগতভাৱে আমি সকলোৱে ইজনে সিজনক সহায় কৰি যাম । বৰ্তমান পৰিস্থিতিত সকলোৱে সকলোকে সহায় কৰাটো খুবেই প্ৰয়োজন । এনেদৰে সহায়-সহযোগিতাৰে কাম কৰিলে অসমৰ উন্নতি হ’ব আৰু তাৰেই আশা কৰো ।
বৰ্তমান ক’বাটাও পৰিকল্পনা হাতত লৈছো, কিন্তু কাম আৰম্ভ হোৱা নাই । কিন্তু মই দেখিছো বহুত নতুন নতুন গল্পৰ সৃষ্টি হৈছে তলাবন্ধৰ সময়ত । লেখক সকলে লিখিবলৈ সময় পাইছে । বহুখিনি কাম হাতত তুলি লৈছে । আশা কৰো ২০২১ত আমি বহু নতুন নতুন কাম কৰি ৰাইজক আগবঢ়াব পাৰিম ।
২০২০টো তলাবন্ধতে গ’ল । ঘৰৰ ভিতৰতে থাকি যিখিনি কাম কৰিব পাৰিছো কৰিছো । অতিমাৰীৰ স’তে যুঁজ দিবলৈ পৰিৱেশৰ স’তে খাপ খাই চলিবলৈ চেষ্টা কৰিছো । মই যিহেতু দন্ত চিকিৎসক কাম চলিয়ে আছিল । চৰকাৰী চিকিৎসক বাবে অতিমাৰীৰ সময়তো ছুটী পোৱা নাছিলো । কিন্তু এই সময়ছোৱাত পৰিয়ালক বেছিকৈ সময় দিব পাৰিলো । তলাবন্ধ বুলি আমি একো নকৰাকে থকা নাই । আমাৰ নতুন প্ৰকল্প এটা শেহতীয়াকৈ মুকলি কৰিছো । এই সময়ছোৱাত চিন্তা-চৰ্চা কৰিবলৈ সময় পাইছো । অনলাইন আলোচনা কৰিছো । অক্টোবৰত আমি এখন চুটি ছবি ‘এৰেঞ্জ’ মুক্তি দিছো । সেই চুটি ছবিখনৰ সকলোবোৰ প্ৰস্তুতি আমি অনলাইনতে কৰিছো যেতিয়া জুন-জুলাইত তলাবন্ধ চলি আছিল । গতিকে এইটো নহয় যে তলাবন্ধৰ কাৰণে আমি একো কৰিব পৰা নাই । কম পৰিমাণে হ’লেও কৰিছো । তলাবন্ধৰ এটা ইতিবাচক প্ৰভাৱ হ’ল যে এজন শিল্পীৰূপে বহুখিনি নতুন চিন্তা-চৰ্চা কৰিবলৈ সময় পোৱা যায় । গতিকে চলিত বৰ্ষত মই অভিনেত্ৰীৰূপত যিমানখিনি কাম কৰিম বুলি ভাবিছিলো সিমানখিনি কৰিব পৰা নাই কিন্তু তাৰ মাজতে চুটি ছবিখন হ’ল ৱেবচিৰিজ এখন হ’ল । চুটি ছবিখন কেনি বসুমতাৰীয়ে পৰিচালনা কৰিছে ৰিল ড্ৰামাই প্ৰযোজনা কৰিছে ‘তোমাৰ অপেক্ষাত’ । ছবিখন আগন্তুক বৰ্ষৰ জানুৱাৰীত মুক্তি দিয়াৰ পৰিকল্পনা কৰিছো । বহুখিনি কাম ৰৈও গ’ল কিন্তু ইয়াৰ মাজতে যিমানখিনি পাৰো কৰিছো । চুটি ছবিখনৰ অনুশীলন আমি অনলাইনৰে কৰিছো । হয়তো তলাবন্ধৰ বাবে আমি খুব কম সময়ৰ ভিতৰতে কামখিনি সমাপ্ত কৰিব পাৰিলো সাধাৰণ পৰিস্থিতিত হয়তো আৰু বেছি সময় লাগিলহেঁতেন ।
দন্ত চিকিৎসকৰূপে অতিমাৰীৰ সময়ত যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছো । আমাৰ মুখৰ লগতে প্ৰত্যক্ষ সম্পৰ্ক থাকে গতিকে ইএনটি আৰু দন্ত চিকিৎসকৰে আটাইতকৈ বেছি ক্ষতি হৈছে । কাৰণ আমি বহুখিনি কাম কৰিব পৰা নাই ক’ভিড নিয়মৰ বাবে । বিশেষকৈ আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বহুত ক্ষতি হৈছে, কাৰণ তেওঁলোকক প্ৰেক্টিকেল ক্লাছ কৰিব পৰা নাই । অনলাইনতে কৰিব লগা হৈছে । আমি পৰীক্ষাও লৈছো যাতে তেওঁলোকৰ বছৰটো ক্ষতি নহয় । এই অতিমাৰীৰ বাবে যিমানখিনি ক্ষতি হৈছে তাক পূৰণ কৰিবলৈ যথেষ্ট চেষ্টা কৰিছো । এগৰাকী শিক্ষয়িত্ৰী, অভিনেত্ৰী, মাতৃ হিচাপে যিমান পাৰো চেষ্টা কৰিছো । মোৰ ১১ বছৰীয়া ল’ৰা এজন আছে । গতিকে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে । আমি সকলোৱে নিজৰ নিজৰ কাম কৰি গৈছো । আশা কৰো এই বেয়া সময়খিনি পাৰ হৈ যাওক আৰু আগৰ দৰে পৰিস্থিতি হৈ পৰক ।
এখন ক’ভিড মুক্ত সুস্থ বিশ্ব বিচাৰো । চিকিৎসক হিচাপে বুজি পাইছো আমাৰ চিকিৎসক আৰু চিকিৎসাৰ স’তে জড়িত লোকসকলৰ কিমান কষ্ট হৈছে । তেওঁলোকে দিনে-ৰাতিয়ে কষ্ট কৰি আছে । কিমানে ক’ভিডৰ ফলত প্ৰাণ হেৰুৱাইছে । সেইকাৰণে এইটো এটা জৰুৰীকালীন পৰিস্থিতি । ক’ভিডৰ পৰা আমি শিকিলো যে জীৱনটো অতি মূল্যৱান সম্পদ । জীৱনৰ কোনো প্ৰত্যাভূতি নাই । প্ৰত্যেক দিনাই আমি আমাৰ জীৱনটো ফলপ্ৰসূ কৰিবলৈ চেষ্টা কৰিব লাগিব । এনেকুৱা পৰিস্থিতিৰ লগতে জীয়াই থাকিবলৈ শিকিব লাগিব ।’
