মানুহে পৃথিৱীৰ ভালৰ বাবে চিন্তা কৰকঃ অভিনেতা-পৰিচালক কেনি বসুমতাৰী
২০২১ত অসমখন অধিক সুন্দৰ হওক এই কামনা কৰিছো । জীৱনটো পূৰ্বৰ দৰে স্বাভাৱিক হওক, এই আশা কৰিছো । মানুহে পৃথিৱীৰ ভালৰ কাৰণে চিন্তা কৰক । আমাৰ অৱহেলাৰ বাবে ভাইৰাছৰ সৃষ্টি হৈছে । নতুন পৰিকল্পনা বহুতো আছে । লোকেল উৎপাত নামৰ ছবিখন আগন্তুক বিধানসভা নিৰ্বাচনৰ পাছত মুক্তি লাভ কৰিব বুলি আশা কৰিছো ।
২০২০ অৱশ্যে ব্যক্তিগতভাৱে মোৰ বাবে ভালেৰে পাৰ হ’ল । আমি ৱেব ছিৰিজৰ ওপৰতে কাম কৰিলো । আগন্তুক মাহত উন্মোচন হ’ব লগা ‘ৰিল ড্ৰামা’ নামৰ এপ এটাৰ কাৰণে আমি ৰোমাণ্টিক-কমেডি-ৱেব ছিৰিজ প্ৰস্তুত কৰিলো । ইয়াৰ নাম হৈছে ‘তোমাৰ অপেক্ষাত’ । ২০২১ৰ জানুৱাৰীত ই মুক্তি পোৱাৰ সম্ভাৱনা আছে ।
