2222 2

আমি নিজৰ ভাষাক গুৰুত্ব দিব লাগিবঃ গায়িকা জুচিকা মুণি

মই এগৰাকী তিৱা জনগোষ্ঠীৰ যুৱতী । সেয়ে নতুন বছৰটোত মই আমাৰ জনগোষ্ঠীটো আৰু আগবাঢ়ি যোৱাটো বিচাৰো । আমাৰ জনগোষ্ঠীটো আগবাঢ়ি যোৱাৰ বাবে আমি আমাৰ নিজৰ ভাষাটোত প্ৰথমে গুৰুত্ব দিব লাগিব ।

বিগত বৰ্ষত যিবোৰ ৰৈ গৈছিলে, আশা কৰো সেইবোৰ কাম আৰু দ্ৰুত গতিত আগবাঢ়ক ।

সম্প্ৰতি পৰিস্থিতি  সামান্য স্বাভাৱিক হৈছে । সেয়েহে মই শেহতীয়াকৈ গীত বাণীবদ্ধ কৰাৰ কাম আৰম্ভ কৰিছো । ইতিমধ্যে মোৰ ‘ঝক্ ঝক্’ শীৰ্ষক গণিতৰ বাণীবদ্ধ সম্পূৰ্ণ হৈছে । গীতৰ দৃশ্যাংশৰ চিত্ৰ গ্ৰহণ এই জানুৱাৰীৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে । মই তিৱা আৰু অসমীয়া দুই ভাষাতে গীত গাঁও যদিও সম্প্ৰতি অসমীয়া গীতত অধিক গুৰুত্ব দিছো ।

মই যিহেতু এগৰাকী গায়িকা , ফলত তলাবন্ধই মোৰ কেৰিয়াৰত যথেষ্ট প্ৰভাৱ পেলাইছে । সূচলতাৰে চলি থকা জীৱনত ‘ক’মা’ লাগি যোৱা বুলি ক’ব পাৰি । কিন্তু মই যিহেতু নিজক সময় দিব পাৰিছো সেয়েহে মই সুখী ।

২০২০টো মোৰ বাবে ভাল-বেয়াৰ মাজেৰে পাৰ হ’ল । বেয়া এই কাৰণেই যে সমগ্ৰ বিশ্বতে অতিমাৰীৰ বাবে এনে  সমস্যাকালীন পৰিস্থিতিৰ সৃষ্টি হৈছে । আমি মুক্তভাৱে কাকো লগ কৰিব পৰা নাই, ফুৰিব পৰা নাই । সেয়েহে অলপ বেয়াও লাগে । কিন্তু ইয়াৰ মাজতো ভাল এইটোৱে যে পৰিয়ালৰ সকলোকে সময় দিব পাৰিছো । নিজকে অধিক গুৰুত্ব দিব পাৰিছো । তলাবন্ধৰ পৰা বহুত কথা আমি শিকিছো । যেনে, ঘৰতে থাকি কেনেকৈ সময় কটাব পাৰি । এইটোৱে মোৰ বাবে ‘এডভাণ্টেজ’ ।

Exit mobile version