আশা কৰা ধৰণে জীৱনটো মধুময় হওকঃ অভিনেত্ৰী দিপীকা ডেকা
জোনাক চেনেলৰ ‘অমানিশা’ নামৰ এখন ধাৰাবাহিকৰ শ্বুটিং সমাপ্ত কৰিলো । সম্প্ৰতি এখন চুটি ছবিৰ কাম চলি আছে । মোৰ আৰু স্বামীৰ যুটীয়া প্ৰডাকচন হাউছ এটিও আছে । ৰবিজিতা গগৈয়ে প্ৰযোজনা কৰা চুটি ছবি এখনৰো কাম চলি আছে । অমানিশা ধাৰাবাহিকখন জানুৱাৰীত মুক্তি পোৱাৰ সম্ভাৱনা আছে । ১৪-১৫ জানুৱাৰীত আমাৰ চুটি ছবি ‘ফুট থ্ৰিল’ ইউটিউবত মুক্তি দিয়াৰ পৰিকল্পনা কৰিছো । মই ছবিখনত অভিনয়ৰ লগতে প্ৰডাকচন ডিজাইনাৰ হিচাপেও কাম কৰিছো । ছবিখনৰ পৰিচালক হ’ল স্বামী ঋতুৰাজ শিৱম । তেওঁ ২০১৮ত গুৱাহাটীত অনুষ্ঠিত আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ সন্মানো লাভ কৰিছে ।
আনহাতে, ২০২০টো সকলোৰে বাবে অনাকাংক্ষিত আছিল বিশ্বজুৰি হোৱা ক’ভিড অতিমাৰীৰ বাবে । কৰ’না অতিমাৰীয়ে ধনী-দুখীয়া সকলোৰে ওপৰত প্ৰভাৱ পেলাইছে । এই পৰিস্থিতিৰ পৰা আমি শিকিলো যে বেয়াৰ মাজতো ভাল থাকে । কৰ’নাই আমাক বিলাসী নোহোৱাকৈও জীয়াই থাকিবলৈ শিকালে । আপোন লোকৰ লগত খুব কম পৰিসৰৰ মাজত জীয়াই থাকিবলৈ শিকালে । সাধাৰণতে আমি শ্বপিং কৰিবই লাগে, ভাল ৰেস্তোৰাঁত খাবলৈ লাগে এনেকুৱা এটা জীৱন অতিবাহিত কৰি আছিলো । কৰ’নাই আমাক আপোনবোৰৰ লগত কেনেকৈ মিলা-প্ৰিতিৰে থাকিব পাৰি, নিজ ইচ্ছামতে স্বাস্থ্যকৰ খাদ্য প্ৰস্তুত কৰি খাব পাৰি সেই বিষয়ে শিকালে । লগতে বাহিৰৰ বিলাসী জীৱন নোহোৱাকৈও নিজৰ মাজতে আনন্দৰে সময় কটোৱাৰ উপায় উলিয়াই ল’ব পাৰি এইবোৰ কথাও শিকালে । গতিকে মই বেয়াৰ মাজতে বহুত ভাল ফলো পাইছো ।ভাল-বেয়াৰ মাজতে ২০২০টো গ’ল । এনেকুৱা নহয় যে ২০২০টোৱে আটাইতকৈ বেয়া বৰ্ষ । বেয়াৰ মাজতে ভালো আছে । আমাক ইতিবাচক শিক্ষা দিলে ।
