2222 2

পথলৈ অহা বাধাক নেওচি আগুৱাই যাব লাগিবঃ অভিনেতা-গায়ক প্ৰণৱ প্ৰিয়াংকুশ বৰুৱা

অসমবাসীলৈ মোৰ ফালৰ পৰা নৱবৰ্ষৰ বহুত বহুত‌ শুভেচ্ছা যাচিছো । আগন্তুক বৰ্ষটো সকলোৰে বাবে ভাল হওক, সকলোৰে মনোকামনা পূৰ্ণ হওক । নৱ প্ৰজন্মক ক’ব বিচাৰো মে কামত ‘চমু পথ’ নাই, ‘মূল পথত থাকা’ আৰু কষ্ট কৰি যোৱা । কষ্ট কৰিলে এদিন নহয় এদিন নিজৰ লক্ষ্যত উপনীত হ’বই । পথত বহু বাধা আহিব, কিন্তু সেইখিনিকো নেওচি আগবাঢ়ি যাব লাগিব ।

নৱ বৰ্ষত সকলোৰে চিন্তাধাৰা ভাল হোৱাটো বিচাৰো । কামবোৰ ভাল হ’ব লাগে । প্ৰতিৰোধ কমিব লাগে । মই এক সুস্থিৰ পৰিৱেশৰ আশা ৰাখিছো । মই ব্যক্তিগতভাৱে ৰাজনীতিৰ পৰা আঁতৰিয়ে থাকো । ইজনে‌ সিজনক সহায়-সহযোগীতা আগবঢ়াব লাগে । ইতিকিংৰ দৰে নেতিবাচক কামবোৰৰ পৰা বিৰত থাকিব লাগে । কাৰোবাক লৈ ইতিবাচক ‌সমালোচনা কৰা ভাল কিন্তু নেতিবাচকভাৱে বেছিকৈ ইতিকিং কৰাটো মই ভাল বুলি নাভাবো । বিগত বৰ্ষত এই কাম অত্যধিক মাত্ৰাত বৃদ্ধি পোৱা দেখিছো ।

মই ‘পাৰ্পল হেজ’ নামৰ এটা মিউজিক বেণ্ডৰ সদস্য । আমাৰ বেণ্ডত ছজন সদস্য আছে আৰু ইয়াৰে তিনিজন গীতিকাৰ । সম্প্ৰতি মোৰ গীতৰ এলবামৰ কাম চলি আছে । যোৱা বছৰৰ ফেব্ৰুৱাৰীত এলবামটোৰ প্ৰথম গীত ‘শেষ’ নামেৰে মুক্তি পাইছিল । অক্টোবৰত দ্বিতীয়টো গীত ‘কোন তুমি’  মুক্তি‌ দিয়া হ’ল । বৰ্তমানলৈকে এলবামটোৰ সাতটা গীতৰ ভিতৰত দুটাইহে মুক্তি পাইছে । শেহতীয়াকৈ যুটীয়াভাৱে ‘মধু লগন’ গীতটো মুক্তি পালে । গীতটো মই নিজে লিখিছো, সুৰ দিছো । নীল আকাশৰ বাবেও মই গীত লিখিছো । মোৰ এলবামটোৰ তৃতীয়টো গীত হ’ব ‘যুজী যাওঁ’ ।

২০২০ বৰ্ষটো মোৰ ব্যক্তিগত ভাৱে ভালেই গৈছে । বহুত কথা শিকিবলৈ পালো ।‌ তলাবন্ধই মোৰ কেৰিয়াৰত দুটা ধৰণে প্ৰভাৱ পেলাইছে । এটা হ’ল আমাৰ অনুষ্ঠানবোৰ নহ’ল যদিও ‌তলাবন্ধত বহুত গান লিখিবলৈও সময় পালো । তলাবন্ধৰ ফলত বহু ক্ষেত্ৰত আগবাঢ়িবলৈ সুবিধা পালো । সেয়েহে মই তলাবন্ধটো নেতিবাচক ৰূপত লোৱা নাই । কিন্তু ‌মই পুনৰ তলাবন্ধ বিচৰা নাই । মই গীত লিখো, সুৰ দিওঁ, গাঁও । মই তলাবন্ধক এই কাৰণেই ‌ইতিবাচক ৰূপত লৈছো যে মই এইখিনি কাম আগতেও কৰো কিন্তু এনে এটা পৰিস্থিতিটো যে কামখিনি কৰি যাব পাৰিছো সেইটোৱে মোৰ ভাগ্য । তলাবন্ধৰ সময়ত পৰিৱেশটো অনেক নিস্তব্ধ হৈ পৰিছিল, সেয়েহে সময়খিনি‌ বহুত ভাল লগা হৈ পৰিছিল । তলাবন্ধই মোক অৰ্থনৈতিকভাৱে ইমান এটা প্ৰভাৱ পেলোৱা নাই । কাৰণ মই এইটো উদ্যোগত নতুন । কিন্তু যিখিনি পৰিকল্পনা কৰিছিলো তাত কিছু প্ৰভাৱ পৰিছে ।

Exit mobile version