মানৱ জাতিলৈ আশাৰ কিৰণ কঢ়িয়াই আনকঃ ডাঃ নৰেন্দ্ৰ নাথ দত্ত
নাক, কাম, ডিঙি ৰোগ বিশেষজ্ঞ
বিগত বৰ্ষটো বিশ্ববাসীয়ে প্ৰায়ভাগ সময় ক’ভিড-১৯ৰ সংক্ৰমণৰ বাবে শংকাৰে দিন অতিবাহিত কৰিবলগীয়া হ’ল । এতিয়া আকৌ ক’ভিডৰ নতুন প্ৰজাতিৰ আক্ৰমণ আৰম্ভ হৈছে । স্তব্ধ হৈ পৰা পৃথিৱীখনক এতিয়া প্ৰয়োজন দ্ৰুত উন্নয়নৰ গতি । সেইবাবে বিগত বৰ্ষত হেৰুওৱা কথাবোৰত গুৰুত্ব প্ৰদান কৰাতকৈ নতুন বছৰত উদ্যমেৰে কাম কৰাৰ সংকল্প গ্ৰহণ কৰক । ত্ৰাসৰ মাজতো বিজ্ঞানীসকলে হেজাৰ হেজাৰ বৰ্ষ মাইল দূৰত মানুহতকৈও উন্নত চিন্তা-চৰ্চা কৰিব পৰা বুদ্ধিসম্পন্ন প্ৰাণীৰ সন্ধান লাভ কৰিছে । নতুন বছৰত ক’ভিডৰ বিৰুদ্ধে মানৱৰ জয় নিশ্চিত কৰিবলৈ উপযুক্ত আৰু সুৰক্ষিত প্ৰতিষেধক প্ৰস্তুত হ’ব ।
আৰ এন এ প্ৰতিষেধকে মানুহক সুৰক্ষিত কৰিব পৰাটো নিশ্চিত বুলি গৱেষকসকলে ঘোষণা কৰাৰ পাছত মানৱ জাতিলৈ আশাৰ কিৰণ কঢ়িয়াই আনক । বছৰৰ প্ৰতিটো দিনেই মানুহৰ বাবে মংগল বতৰা কঢ়িয়াই আনক । ডাউন টাউন হাস্পতাল আৰু অসম ডাউন টাউন বিশ্ববিদ্যালয়ত নতুন নতুন সা-সুবিধা উপলব্ধ কৰি চিকিৎসা সেৱা যাতে আৰু অধিক উন্নত কৰিব পাৰি তাৰ ব্যৱস্থা কৰিম । বিশ্ববিদ্যালয়ত অধ্যাপকসকলৰ লগতে তীক্ষ্ণ বুদ্ধিসম্পন্ন শিক্ষাৰ্থীয়ে যাতে গৱেষণাত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব পাৰে তাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছো । নতুন ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা গৱেষণা চলাই নতুন আৱিষ্কাৰৰ ক্ষেত্ৰত নিশ্চয় অৰিহণা যোগাব পাৰিম । নতুন বছৰত নৱপ্ৰজন্মৰ উপযুক্ত হোৱাকৈ কে’বাখনো বিদ্যালয় স্থাপনৰ পৰিকল্পনা গ্ৰহণ কৰিছো ।
