2222 2

প্ৰত্যাহ্বানৰ মাজেদি সকলোৱে শিকিব লাগিবঃ সাঁতোৰবিদ শিবাংগী শৰ্মা

নতুন বছৰত সকলোৰে আশাবোৰ বাস্তৱত ৰূপায়িত হওক । কৰ’না অতিমাৰীৰ বাবে বিগত বৰ্ষত প্ৰায়ভাগ লোকৰে কামবোৰ আধৰুৱা হৈ আছে । উন্নয়নৰ গতিপথ স্তব্ধ হৈ পৰিছিল । এই গতিপথ নতুন বছৰত দ্ৰুত হ’ব বুলি আশা কৰিছো । সকলো বাধা-বিঘিনি আঁতৰাই প্ৰতিগৰাকী ব্যক্তিয়ে যাতে সপোনবোৰ বাস্তৱত ৰূপায়িত কৰিব পাৰে তাৰ বাবে শক্তি লাভ কৰা ।

সকলোৱে সমস্যাবোৰক প্ৰত্যাহ্বান জনাব পৰা শক্তি আহৰণ কৰি নিজৰ নিজৰ কামত আগবাঢ়ি গ’লে নিশ্চয় সমাজত শান্তি প্ৰতিষ্ঠা হ’ব । সম্প্ৰিতিৰ বান্ধোনো হ’ব সুদৃঢ় । প্ৰতিগৰাকী ব্যক্তিয়ে প্ৰত্যাহ্বানৰ মাজেদিহে সকলো শিকে । বিগত বৰ্ষৰ ভুলবোৰ শুধৰাই নতুন উদ্যমেৰে সকলোৱে নিশ্চয় আগবাঢ়ি যাব পাৰিব । এইবাৰ অসমৰ নাম উজলাবলৈ মই সৰ্বশক্তিৰে সাঁতোৰৰ ক্ষেত্ৰখনত যুঁজ দিম । পূৰ্বৰ তুলনাত যাতে প্ৰদৰ্শন উন্নত কৰিব পাৰো তাৰ বাবে কঠোৰ অনুশীলন কৰিছো ।

Exit mobile version