2222 2

নতুন প্ৰজন্মই নিজক প্ৰতিষ্ঠা কৰাৰ বৰ্ষ হওকঃ পাৰ্থজিৎ বৰুৱা

তথ্যচিত্ৰ নিৰ্মাতা আৰু চলচ্চিত্ৰ সমালোচক

মই প্ৰথমেই বিচাৰিম ২০২১ বৰ্ষটো সকলোৰে বাবে এটা সুন্দৰ বৰ্ষ হওক । ২০২০ক কৰ’না মহামাৰীয়ে যিদৰে বিস্ময় কৰি তুলিলে, সেই পৰিৱেশৰ পৰা যেন ২০২১ বৰ্ষটোৱে মুক্তি পায়; তাৰেই কামনা কৰিম । এই নৱবৰ্ষৰ নৱক্ষণত সকলোৱে নিজৰ নিজৰ কৰ্মক্ষেত্ৰত আগবাঢ়ি যাব পৰা এক পৰিৱেশ গঢ়ি উঠক । এই নৱবৰ্ষত সমাজৰ পৰা সকলো অন্যায়-অবিচাৰ নোহোৱা হৈ এক সুস্থ সামাজিক পৰিৱেশৰ সূচনা হোৱাটোৱেই মোৰ কাম্য । ২০২১ বৰ্ষটো হওক নতুন প্ৰজন্মই নিজক প্ৰতিষ্ঠা কৰাৰ এক বৰ্ষ । উঠি অহা প্ৰজন্মই যাতে তেওঁলোকৰ সুস্থ চিন্তাৰে প্ৰতিভা বিকাশ কৰি সমাজলৈ বৰঙণি আগবঢ়াই নিজকে উজলাই তুলিব পাৰে । ২০২০ বৰ্ষটো শৈক্ষিক আৰু সামাজিক ক্ষেত্ৰখন যি বাধাৰ সন্মুখীন হৈছিল, সেই বাধা নেওচি ২০২১ত যাতে সকলোৱে আগবাঢ়ি যায় প্ৰগতিৰ পথত ।

এজন সচেতন নাগৰিকৰূপে মই চেষ্টা কৰিম ২০২১ত সাংস্কৃতিক ক্ষেত্ৰখনলৈ যি জঠৰতা আহিল, সেই জঠৰতা ভাঙি শিল্পী আৰু সাংস্কৃতিক কৰ্মীসকলক আগবঢ়াই নিবলৈ চেষ্টা কৰিম । আমাৰ শৈক্ষিক ক্ষেত্ৰখনতো কৰ’না মহামাৰীয়ে এক নতুন শিক্ষা দিলে । সেই সময়খিনিত বহু শিক্ষাৰ্থীয়ে ভাবিব নোৱৰা ধৰণে বাধাৰ সন্মুখীন হ’ল । মই যিমান পাৰো আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰী বা বিশেষ সুবিধা লাভৰ পৰা বঞ্চিত হৈ থকা শিক্ষাৰ্থীসকলক সকলো ধৰণে সহায়ৰ হাত আগবঢ়াই আগুৱাই নিয়াৰ চেষ্টা কৰিম ।

মই যিহেতু এজন চলচ্চিত্ৰ সমালোচক, গতিকে মোৰ লেখনিৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰ সাহিত্যলৈ কিছু বৰঙণি যোগাবলৈ প্ৰয়াস কৰিম । লগতে তথ্যচিত্ৰ নিৰ্মাতাৰূপে ২০২১ত কিছুমান নতুন বিষয়ত আলোকপাত কৰিব বিচাৰিম । অসমৰ মানুহে এতিয়ালৈকে চিন্তা-চৰ্চা নকৰা কিছুমান বিষয়কলৈ তথ্যচিত্ৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা মোৰ আছে । তেনে ধৰণৰ কে’বাটাও গুৰুত্বপূৰ্ণ বিষয়ত ইতিমধ্যে মই কে’বাখনো তথ্যচিত্ৰ নিৰ্মাণ কৰি সাংস্কৃতিক ক্ষেত্ৰখনলৈ সেৱা আগবঢ়াই যোৱাৰ চেষ্টা কৰিম ।

Exit mobile version