চৰকাৰী চাকৰিৰ আশা এৰি কৃষি কর্মৰে আত্মনিৰ্ভৰশীল হৈ নৱপ্রজন্মৰ প্ৰেৰণাৰ উৎস হৈছে মাজুলীৰ ৬০ উদ্ধৰ বােদ্ধেশ্বৰ বৰা

photo 1586771107445 d3ca888129ff

কৃষি কর্মৰে স্বচ্ছল জীৱন যাপন কৰি নৱপ্রজন্মৰ প্ৰেৰণাৰ উৎস হৈ পৰিছে দ্বীপ জিলা মাজুলীৰ ৬০ বছৰীয়া বােদ্ধেশ্বৰ বৰা ।মাজুলীৰ অভয়পুৰীয়া গাৱঁৰ ৬০ উদ্ধৰ এই লােক জনে বিগত ২৫ বছৰৰাে অধিক কাল ধৰি কৃষিকৰ্মত নিজকে নিয়োজিত কৰি ৰাখিছে ৷

বিভিন্ন শাক-পাচলি, ধান, সৰিয়হ আদিৰাে খেতি কৰা এই লােক জনে মাজুলীৰ নৱ-প্ৰজন্মৰ বাবে আদর্শ হৈ পৰিছে৷ বােদ্ধেশ্বৰ বৰা নামৰ লােকজনে হায়াৰ ছেকেণ্ডাৰী পাছ আৰু আই,টি,আই, প্রশিক্ষণ প্রাপ্ত ৰেডিঅ মেকানিকেল এজন আই.টি.আই মেকানিকেল হােৱাৰ পিছত চৰকাৰী চাকৰি লাভ নকৰি হতাশ নহৈ কৃষি মূল হিচাপে লৈ কৃষি কর্ম কৰি আজি এজন সফল কৃষক হবলৈ সক্ষম হৈছে ৷

প্রায় দুই বিঘা মাটিত আলু খেতি, তিনি কঠা মাটিত নেমু খেতি, এবিঘাৰাে অধিক মাটিত কল খেতি, বেঙেনা খেতি, তিনি বিঘা মাটিত সৰিয়হ খেতি, ফুল কবি, জিকা খেতি, ১০ বিঘামাটিত ধান খেতি কৰিছে৷ তেওঁ আলু, বেঙেনা, জিকা, ফুলকবি, সৰিয়হ আদি মাজুলী বিভিন্ন বজাৰত বিক্ৰী কৰে।

শাক-পাচলিৰ খেতিত তেওঁ কৃত্রিম সাৰৰ পৰিৱর্তে কেঁচু সাৰ আৰু জৈৱিক সাৰ ব্যৱহাৰ কৰো কৃষি কর্ম কৰিয়েই স্বচ্ছলভাবে তেওঁ নিজৰ পৰিয়ালাে পােহপাল দিবলৈ সক্ষম হৈছে৷ তেওঁ কৃষি কাৰ্যৰ লগত জড়িত হােৱাৰ প্ৰসংগত সাংবাদিকৰ আগত কয় কৃষকসকল স্বতন্ত্ৰা কাৰৰ অধীন নহয়। কৃষকসকলেই এখন সমাজৰ ভেটি ধৰি আছে ৷

কিন্তু আমাৰ উঠি অহা প্ৰজন্মই কৃষিকৰ্মৰ প্ৰতি অনিহা প্রকাশ কৰাৰ লগতে ইয়াক মর্যদাহীন বুলি ভাবে । এনেদৰে ভবাটো অনুচিতা কৃষকসকলৰ সামাজিক মর্যদা বহু ওপৰতা কৃষি কর্ম কৰি পৰিয়ালতােক সুচাৰূপে চলাবলৈ সক্ষম হােৱা এই জন কৃষকে শিঢিক্ষিত যুৱক যুৱতী সকলে বিজ্ঞান সন্মত পদ্ধতিৰে কৃষি কর্মত আত্মনিয়ােগ কৰি এজন আদর্শবান কৃষক হ’বলৈ আহ্বান জনায়৷

Exit mobile version