বৰ্তমান নৱ প্ৰজন্মই বহুত উদ্যমএৰে কাম কৰি আছেঃ অভিনেত্ৰী দৰথী ভৰদ্বাজ

2222 2

মই আগলৈও অভিনয় কৰি থাকিব বিচাৰো । ভাল কাম কৰি যাব বিচাৰো আৰু আনকো সহায় কৰিব বিচৰৰো । সম্প্ৰতি মই ৰিমা বৰাৰ ‘তাজমহল’ নামৰ ছবি এখনত কাম কৰি আছো । ছবিখনৰ কাম জানুৱাৰীত সমাপ্ত হ’ব । জয়চেং দহোতিয়াৰ এখন ‘জলছবি’ নামৰ ছবি যোৱা ছেপ্টেম্বৰতে মুক্তি দিয়াৰ পৰিকল্পনা আছিল । কিন্তু অতিমাৰীৰ বাবে দিয়া নহ’ল । সেয়েহে চলিত বৰ্ষত মুক্তি দিয়াৰ, সম্ভাৱনা আছে ।

অতিমাৰীৰ বাবে থিয়েটাৰৰ কামবোৰ কৰিব পৰা নাই ।বৰ্তমান নৱ প্ৰজন্মই বহুত উদ্যম আৰু উৎসাহেৰে কাম কৰি আছে । তেওঁলোকে বহুত ভাল ভাল কাম কৰি আহিছে । কেতিয়াবা কিছুমানৰ সামান্য খেলি-মেলিও হৈ যায় ।‌ নিজৰ কামত ভালকৈ সময় দি কামবোৰ কৰি যাব লাগে । মই নিজেও ভাল কাম কৰিবলৈ যত্ন‌ কৰিম। বিগত বৰ্ষটো অৱশ্যে আমাৰ সকলোৰে বাবে বেয়াকৈ পাৰ হ’ল । তলাবন্ধৰ সময়ত সকলোবোৰ কাম বন্ধ হৈ পৰিছিল । তলাবন্ধ সমাপ্ত হোৱাৰ পাছত পুনৰ  কাম আৰম্ভ কৰিলো । সেইখিনি সময়তে দুই-এটা কাম কৰিলো ।

গতিকে ২০২০টো মোৰ ব্যক্তিগতভাৱে ভাল-বেয়াৰ মাজতে পাৰ হ’ল । কাৰণ তলাবন্ধৰ বাবে সকলোবোৰ কাম বন্ধ হৈ পৰিছিল যদিও মই নিজৰ ভাল লগা কামটো কৰিব পালো যে সেইটো মোৰ বাবে ভাগ্য । যেতিয়া ২১ দিনৰ কাৰণে তলাবন্ধ দিছিলে তেতিয়া বেয়া লগা নাছিল । কাৰণ কামৰ বাবে ঘৰৰ পৰা ওলাই যোৱাৰ পাছত ঘৰত থাকিব পোৱা নাছিলো । সেয়েহে ঘৰত থাকিবলৈ পায় ভালে লাগিছিল । কিন্তু যেতিয়া তলাবন্ধৰ সময় বঢ়াই দিলে তেতিয়া মানসিকভাৱে কিছু চাপ পৰিছিল । কি হ’ব আৰু কাম কৰিব নেপাম নেকি তেনেকুৱাধৰণৰ । মোৰ সৰু ল’ৰা-ছোৱালী কেইটামানক লৈ এটা অভিনয়ৰ দল আছে । দলটোৰ নাম ‘ভাও’ । মই তেওঁলোকক অভিনয় শিকাওঁ ।

Exit mobile version