সুন্দৰ ভৱিষ্যতৰ পৰিকল্পনা কৰোঃ অভিনেত্ৰী অমৃতা গগৈ

2222 2

 

অসমত ২০২১ত অসমীয়াৰ উন্নতি হ’ব লাগে । সুখৰ কথা যে চৰকাৰী চাকৰিলৈ ৰৈ নাথাকি নৱপ্ৰজন্মই বিভিন্ন কামেৰে স্বাৱলম্বী হৈছে । আগন্তুক বৰ্ষটোতো এই ধাৰা অব্যাহত থাকিব লাগে । ৰাজনৈতিক দিশত কি হ’ব লাগে মই ক’বলৈ নাযাওঁ । কাৰণ মই প্ৰত্যক্ষ ৰাজনীতিত জড়িত নহয় । কিন্তু মই বিচাৰো যে লক্ষ্য যিয়েই নহওক আমাক অসমৰ উন্নতিৰ হকে প্ৰকৃতাৰ্থত কাম কৰা নেতা লাগে ।

নৱবৰ্ষৰ পৰিকল্পনা বুলি নহয়, মই যেতিয়া যিটো নিজৰ কাৰণে ভাল বুলি ভাবো কৰিবলৈ চেষ্টা কৰো । সম্প্ৰতি ৰং চেনেলত ‘সৰাপাত’ নামৰ ধাৰাবাহিকখনত কাম কৰি আছো । তিনি-চাৰি মাহৰ পৰা ফটো শ্বুটৰ লগতো জড়িত হৈ আছো । আগন্তুক মে’ত মণি চিনহাই পৰিচালনা কৰা ‘ৰাইন’ এক্সপ্ৰেছ’ নামৰ ছবিখন মুক্তি পাব । এইখন এখন কমেডি ছবি হ’ব । মই এইটো পৰিকৰত পোনপ্ৰথমবাৰৰ বাবে কাম কৰিছো । শেহতীয়াকৈ কংকণ ৰাজখোৱাই পৰিচালনা কৰা ছবি ‘ৰত্নপুৰ’ৰ কাম সমাপ্ত হ’ল।

তলাবন্ধই কেৱল মোৰেই নহয় সকলোৰে জীৱনত প্ৰভাৱ পেলালে । বিশ্বখনেই স্তব্ধ হৈ পৰিছিল । কে’বাখনো ছবিয়ে মুক্তি নাপালে। ভিডিঅ’ৰ দৃশ্যাংশ ৰৈ গ’ল । কিন্তু বৰ্তমান পুনৰ পূৰ্বৰ পৰিস্থিতি ঘূৰি আহিছে । গতিকে ইতিবাচক আশাৰে এটা সুন্দৰ ভৱিষ্যতৰ পৰিকল্পনা কৰো ।

বিগত বৰ্ষটো যদিও সমস্যাৰে ভৰা আছিল, ব্যক্তিগতভাৱে এই বৰ্ষটো মোৰ বাবে বৰদান । মই সদায় কথাবোৰ যিমান পাৰো ইতিবাচক হিচাপে ল’ব বিচাৰো । পৰিয়ালক সময় দিব পাৰিলো । ২০১৯ত বিয়া হোৱাৰ পাছত ব্যস্ততাৰ বাবে পৰিয়ালক সময় দিব পৰা নাছিলো । কিন্তু তলাবন্ধই সেইটো সুবিধা দিলে । কিছুমান ভাল লগা কাম যেনে, ছবি অঁকা, ৰন্ধা আদি কৰিবলৈও সময় পালো।

Exit mobile version