ক’ভিশিল্ড আৰু ক’ভেক্সিনক অনুমোদন দিলে ড্ৰাগ কণ্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়াই

image

ভাৰতত ‘নিয়ন্ত্ৰিত জৰুৰী প্ৰয়োগ’ৰ বাবে ক’ভিশিল্ড আৰু ক’ভেক্সিনক অনুমোদন পত্ৰ প্ৰদান কৰিলে ‘ড্ৰাগ কণ্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়া’ (ডিচিজিআই)এ । আজি পুৱা সংবাদ মেলত ড্ৰাগ কণ্ট্ৰ’লাৰ জেনেৰেল ভিজি ছোমানিয়ে কয়, ‘দুয়োটা ভেকচিনে নিৰাপদ । নিয়ন্ত্ৰিত জৰুৰী প্ৰয়োগৰ বাবে এই দুটা ভেকচিনক অনুমোদন দিয়া হ’ল ।’

উক্ত সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰে, ‘এইটো ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ অধ্যায় । দেশখনক ক’ভিডমুক্ত কৰিবৰ বাবে এই পদক্ষেপ অতি প্ৰয়োজনীয় আছিল । ধন্যবাদ সকলো গৱেষক আৰু বিজ্ঞানীসকললৈ ।’

ন’ভেল কৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেনকলৈ যথেষ্ট উদ্বেগৰ সৃষ্টি হৈছে । লগতে ভাৰতৰ সুস্থতাৰ হাৰো যথেষ্ট সন্তোষজনক । ইয়াৰ মাজতে এই বাৰ্তা নিঃসন্দেহে আশাপ্ৰদ ।

অক্সফ’ৰ্ড অষ্ট্ৰাজেনেকাৰ পাছত ভাৰত বায়’টেকৰ কৰ’না ভেকচিনক শনিবাৰেই অনুমোদন পত্ৰ দিছিল স্বাস্থ্য মন্ত্ৰণালয়ে নিৰ্মাণ কৰা বিশেষজ্ঞ পেনেলে । ইয়াৰ পাছতেই উভয় ভেকচিনকে চূড়ান্ত অনুমোদন পত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ভাৰতৰ দৰব নিয়ন্ত্ৰক সংস্থা ডিচিজিআই-এ ।

হাইদৰাবাদৰ ভেকচিন নিৰ্মাণ সংস্থা ভাৰত বায়’টেকৰ ক’ভেক্সিনে আৰম্ভণিৰ পৰাই আশাপ্ৰদ ফল কৰিছিল । পৰীক্ষামূলক প্ৰয়োগটো আশাপ্ৰদ ফল পোৱা গৈছিল । সেয়েহে বিশেষজ্ঞ পেনেলে ‘নিয়ন্ত্ৰিত জৰুৰী ব্যৱহাৰ’ৰ বাবে ভেকচিনৰ অনুমোদন পত্ৰ প্ৰদানৰ বাবে আবেদন কৰিছিল । শণিবাৰে সন্ধিয়াই ডিচিজিআই-ক ভেকচিনৰ বিস্তাৰিত তথ্যৰ জমা দিয়ে ভাৰত বায়’টেকে ।

ভাৰত বায়’টেকৰ আবেদন বিশ্লেষণ কৰি বিশেষজ্ঞ পেনেলে দেখে যে ভাৰত বায়’টেকে ভাৰতত ২৫ হেজাৰ আঠশ জনৰ ওপৰত ক্লিনিকেল ট্ৰায়েল কৰিছে । ইয়াৰ ভিতৰত ২৩ হেজাৰ লোকক ভেকচিন দিয়া হৈছে । ক’মাৰ্বিডিটিযুক্ত লোকসকলকো ভেকচিন প্ৰদান কৰা হৈছে । তেওঁলোকৰ ওপৰত প্ৰয়োগ কৰিয়ে গ’ম পোৱা গৈছে যে ভেকচিনটো নিৰাপদ । কিন্তু এই ভেকচিন কিমান কাৰ্যকৰী সেয়া সম্পূৰ্ণ বুজিবলৈ আৰু কিছু সময়ৰ প্ৰয়োজন হ’ব ।

Exit mobile version