গাড়ীচালকৰ এখন অনুজ্ঞাপত্ৰৰ বাবদ দালালক দিব লাগে ন হেজাৰ

Screenshot 171

কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত জিলা পৰিবহণ বিষয়াৰ আৰু সংশ্লিষ্ট কৰ্মচাৰীৰ ব‌্যাপকৰূপত দালালৰাজ গঢ়ি উঠিছে । আজি আনকি এই কাৰ্যালয়ৰ সমুখতে দালাল আৰু আবেদনকাৰীৰ মাজত তীব্ৰ বাক্য বিতণ্ডাত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিয়ে এই নিৰ্লজ্জ দালালৰাজ উদঙাই দিছে ।

উল্লেখ্য যে ৰাজ্যৰ জিলা পৰিবহণ বিষয়া কাৰ্যালয়সমূহত চলা অবাধ দুৰ্নীতি ৰোধ কৰাৰ লক্ষ্যৰে চৰকাৰে অনলাইন আবেদন প্ৰক্ৰিয়াৰ লগতে আন কেতবোৰ ব্যৱস্থা গ্ৰহণৰ পাছত কিছু পৰিমাণে দালালৰ দৌৰাত্ম্য হ্ৰাস পোৱা বুলি দাবী কৰি আহিছিল যদিও সকলো ফুটুকাৰ ফেন । কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ সমুখত সংঘটিত এক ঘটনাই পূৰ্বতকৈ যে দালাল চক্ৰ অধিক সক্ৰিয় হৈ উঠিছে আৰু দালাল বাহিনীৰ জৰিয়তে বিষয়া-কৰ্মচাৰীয়ে ৰাইজক অধিক লুণ্ঠন চলাই আহিছে সেই সকলো তথ্য পোহৰলৈ আহিছে ।

কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া পদত গৌতম দাসে যোগদান কৰাৰ পাছতে দালাল চক্ৰ অধিক সক্ৰিয় হৈ উঠিছে । বিভাগীয় সূত্ৰ অনুসৰি এখন ব্যক্তিগত গাড়ীচালকৰ অনুজ্ঞাপত্ৰ ওলিয়াবলৈ এজন লোকে চৰকাৰীভাৱে প্ৰায় সাতশ টকা জমা দিব লাগা হয় । কিন্তু সম্প্ৰতি কাৰ্যালয়টোৰ বিষয়া-কৰ্মচাৰীৰ পৃষ্ঠপোষকতাত দালাল চক্ৰই এনে অনুজ্ঞাপত্ৰৰ বাবদ ন হেজাৰ টকা আদায় কৰি আহিছে ।

সমান্তৰালভাৱে এখন ‘লাৰ্ণাৰ’ লাইচেন্সৰ বাবদ এই চক্ৰটোৱে কমেও চাৰি হেজাৰ টকা আদায় কৰে বুলি সূত্ৰটোৱে কয় । সম্প্ৰতি কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত মুৰব্বী বিষয়াজনৰ পৃষ্ঠপোষকতাত শতাধিক দালালে থিতাপি লোৱা বুলি উল্লেখ কৰি সূত্ৰটোৱে এজন আবেদনকাৰীয়ে চাৰি-পাঁচ ঘণ্টা অথবা তাতোকৈ অধিক সময় অপেক্ষা কৰি এখন নথি উলিয়াবলৈ সক্ষম হোৱাৰ বিপৰীতে দালাল চক্ৰই ১০ মিনিটতে সেই নথি উলিয়াবলৈ সক্ষম হয় বুলি কয় ।

সাধাৰণত লোকে নিজেই উলিয়াবলৈ আহিলে ১৪, ১৭, ১৬ আদি কোঠাসমূহলৈ অহা-যোৱা কৰোতেই দিনটো যায়। চালকৰ অনুজ্ঞাপত্ৰৰ বাবে স্থানীয় অভিভাৱক এই দালাল চক্ৰই যোগাৰ কৰি দিয়াৰ সমান্তৰালভাৱে অনলাইন পৰীক্ষাত কেৱল কেমেৰাৰ আগত বহি দিলেই আবেদনকাৰী উত্তীৰ্ণ কৰায় এই দালাল চক্ৰই ।

অনুজ্ঞাপত্ৰৰ বাবদ দালাল চক্ৰই সংগ্ৰহ কৰা ধন কাৰ্যালয়ৰ বিষয়াৰ স’তে নিৰ্দিষ্ট পৰিমাণৰ ভাগ বিতৰণ হয় বুলি সদৰী কৰে সূত্ৰটোৱে । ফলত এই সমগ্ৰ ঘটনাই দুৰ্নীতিমুক্ত অসমৰ প্ৰকৃত ছবি উদঙাই দিছে ।

Exit mobile version