2222 2

নৱ প্ৰজন্মই নিচা জাতীয় দ্ৰব্য সেৱন কৰা বন্ধ কৰকঃ অভিনেতা সম্ৰাট ডি’অন

পোনপ্ৰথমে সকলোলৈ নৱ বৰ্ষৰ শুভেচ্ছা জনালো । অসমত অসমীয়া ছবি আৰু উন্নত হোৱা প্ৰয়োজন । সেয়েহে মই আগন্তুক বৰ্ষত অসমীয়া ছবিৰ অধিক উন্নতি হোৱাটো বিচাৰো । মই বিগত বৰ্ষতকৈও অধিক আগ্ৰহেৰে কাম কৰিম । যাতে দৰ্শকসকলক আৰু মনোৰঞ্জিত কৰিব পাৰো । এইয়াই নৱ বৰ্ষৰ পৰিকল্পনা । সম্প্ৰতি মই বহুকেইটা কাম হাতত লৈছো ।

ভাস্কৰ শইকীয়াই গোৱা গীত ‘মৰো মৰো লাগে’, যমুনা বাইদেউৱে গোৱা নেপালী গীত আদিত কাম কৰি আছো । আহিবলগীয়া নতুন গীতৰ ভিডিঅ’ৰ বাবে সংস্পৰ্শত থাকিব । মই মোৰ ছ’চিয়েল মিডিয়াত জনাই থাকিম । বলীউডৰ জাবেদ আলীৰ ‘যাদু যাদু চা গয়া’ গীতত আৰু জুবিন গাৰ্গৰ ‘মৰম বুকুত’ গীতত অভিনয় কৰিছো ।

অসমীয়া, নেপালী, হিন্দী, ডিমাচা সকলো ভাষাৰ গীততে কাম কৰিছো ।নৱ প্ৰজন্মই নিচা জাতীয় দ্ৰব্য সেৱন কৰা বন্ধ কৰিব লাগে। আশা কৰো নৱ বৰ্ষই যাতে সকলোৰে জীৱনত বহুত সুখ, শান্তি কঢ়িয়াই আনে ।বিগত বৰ্ষই আমাক বহু কথাই শিকালে । এইটো এটা অভিজ্ঞতাৰ বৰ্ষ আছিল । বৰ্ষটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ল ।

কাৰণ বছৰটোত বহুকেইটা প্ৰতিৰোধ হ’ল । ইয়াৰ পাছতেই কৰ’না অতিমাৰী আহিল । যাৰ ফলত তলাবন্ধ হ’ল । তলাবন্ধই মানুহৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলালে । সেই সময়ত মোৰ বহুত কাম বন্ধ হৈ গ’ল । তলাবন্ধই কেৱল মোকেই নহয় সকলোকে প্ৰভাৱ পেলাইছিল । বহুতে খাদ্যৰ অভাৱত থাকিব লগা হৈছিল ।

খাদ্যৰ অভাৱত বহু লোকে প্ৰাণ হেৰুৱালে । বহু লোকে নিজ গৃহত উভতি যাবলৈ বাট-কুৰি-বাই খোজকাঢ়িবলগীয়া হৈছিল । বহুলোকে চাকৰি হেৰুৱাই নিবনুৱাও হ’ল । বিগত ছমাহে মইয়ো একো কাম পোৱা নাছিলো । এইবোৰ মোৰ বাবে বৰ কষ্টকৰ আছিল । সমগ্ৰ বিশ্বৰ বাবেই এইটো এটা জটিল সময় আছিল । আশা কৰো এনে এটা পৰিস্থিতি যাতে পুনৰ ঘুৰি নাহে ।

Exit mobile version