নতুন বছৰৰ প্ৰাৰম্ভতে নতুন অভিলেখ স্থাপন কৰিলে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে। বিশ্বৰ আগশাৰীৰ ৰাষ্ট্রপ্রধানসকলক পাছ পেলাই জনপ্রিয়তাৰ শীৰ্ষত আৰােহণ কৰিবলৈ সক্ষম হৈছে প্রধানমন্ত্রী মােদীয়ে। মার্কিন যুক্তৰাষ্ট্ৰৰ এটি সংস্থাই চলােৱা এক সমীক্ষাত এই কথা পােহৰলৈ আহে। এই কথা টুইট কৰি সদৰী কৰিছে ৰাজ্যসভাৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড়াই ।
টুইটত নড়াই লিখে এইদৰে মৰ্ণিং কনছাল্ট নামৰ মার্কিন যুক্তৰাষ্ট্ৰৰ এটি সংস্থাই প্রধানমন্ত্রীক বিশ্বৰ সবাতােকৈ জনপ্রিয় নেতাৰ খিতাপ প্রদান কৰিছে। কৰ’না পৰিস্থিতিত মােদীৰ নেতৃত্বত দেশে সংকট পাৰ কৰি স্বাভাৱিক জীৱনলৈ উভতি আহিবলৈ সক্ষম হৈছে। এয়া তাৰেই স্বীকৃতি। সমীক্ষাত মার্কিন যুক্তৰাষ্ট্র, জাপান, ব্রাজিল আদিৰ দৰে ১৩ খন দেশৰ ৰাষ্ট্রপ্রধানক সামৰি লােৱা হৈছিল। তাৰ পাছতে প্রতিবেদন প্রস্তুত কৰা হয়।
১৩খন দেশৰ ৰাষ্ট্রপ্রধানৰ মাজত ৫৫ শতাংশ ভােট লাভ কৰি তালিকাৰ শীর্ষস্থানত আৰােহণ কৰে প্ৰধানমন্ত্রী মােদীয়ে। এই স্বীকৃতি লাভৰ পাছত বিজেপি নেতৃত্বই প্রধানমন্ত্রীক শুভেচ্ছা জ্ঞাপন কৰে। দলীয় নেতৃত্বৰ মতে দেশক নেতৃত্ব প্রদানত সফল হৈছে মােদী। এই স্বীকৃতি মােদীৰ প্রাপ্য।
এই বিষয়ত নডাই পুনৰ কয়, ‘মােদীৰ নেতৃত্বত কেন্দ্ৰত চৰকাৰ গঠনৰে পৰা মানুহৰ মাজত চৰকাৰখনক লৈ আস্থা বৃদ্ধি পাইছে। জনসাধাৰণে বিশ্বাস কৰিবলৈ লৈছে যে চৰকাৰে দেশক সঠিকভাৱেই আগবঢ়াই নিছে। দেশৰ উন্নতিও হৈছে। সেয়েহে এনে কঠিন সময়তাে অন্যান্য ৰাষ্ট্রপ্রধানসকলক পাছ পেলাই জনপ্রিয়তাৰ শীৰ্ষত আৰােহণ কৰিবলৈ সক্ষম হৈছে আমাৰ প্ৰধানমন্ত্রীয়ে। একে কথাই প্রকাশ পাইছে প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙৰ মুখতাে।
টুইটাৰত সিঙে লিখিছে, ‘মহামাৰীৰ সময়ত প্রধানমন্ত্ৰীৰ কৃতিত্ব আন্তর্জাতিক পর্যায়ত স্বীকৃত হ’ল। ই দেশৰ জনসাধাৰণৰ বাবেও গৌৰৱৰ বিষয়। অৱশ্যে সমালােচকসকলৰ মতে কৃষক আন্দোলনে বিপদত পেলাইছে প্রধানমন্ত্রীক। দেশবাসীৰ ওচৰতাে বিশ্বাসযােগ্যতা হেৰুৱাইছে মােদীয়ে। সেয়েহে মার্কিন সংস্থাৰ এই স্বীকৃতিক লৈ এতিয়া বিজেপিয়ে চৰকাৰক উদ্ধাৰৰ প্ৰচেষ্টাত অৱতীৰ্ণ হৈছে।