২০২১-এ বােৱাই আনক প্রেম শান্তি আৰু সুখৰ নিজৰা

Screenshot 172

মাতৃভূমি এৰি পেছাদাৰী কাৰণতে সম্প্রতি পুনেত থাকিবলগীয়া হৈছে যদিও অনবৰতে অসম প্ৰাণ মন অংকিতা নন্দী আৰু অন্তৰা নন্দীৰ। ২০২১ৰ দুৱাৰডলিত থিয় হৈ আজি দুই ভগ্নীৰ বাৰুকৈ মনত পৰিছে অসমলৈ। নন্দী ছিষ্টাৰ্ছৰূপে সংগীতৰ ক্ষেত্ৰখনত জনপ্রিয়তা অর্জন কৰিবলৈ সক্ষম হােৱা এই দুই ভগ্নীয়ে নৱবৰ্ষত অসম আৰু ইয়াৰ সংস্কৃতিক বিশ্বৰ দৰবাৰলৈ আগুৱাই নিবলৈ নিজ সামর্থ্য অনুযায়ী চেষ্টা চলাব বুলি গভীৰভাৱে সংকল্পবদ্ধ।

২০২১ত আমি দুই ভগ্নীয়ে আমাৰ মাতৃভূমি আৰু ইয়াৰ সংস্কৃতিক বিশ্বৰ দৰবাৰলৈ নিবলৈ অধিক ৰূপত জড়িত হ’ম বুলি গভীৰ আশাবাদী। অসম আমাৰ মাতৃভূমি আৰু অসমৰ স’তে আমাৰ সংযােগ অতি দৃঢ়। প্রতি বছৰে আমি ককা-আইতাহঁতক সাক্ষাৎ কৰিবলৈ বন্ধকালীন অসমলৈ যাওঁ। আমাৰ ইয়াত ঘৰ থাকিলেও পৰিয়ালৰ সকলাে লােক অসমতে আছে। ২০২০ত আমি বিহুৰ সময়ত অতিমাৰীৰ বাবে অসমলৈ যাব নােৱাৰিলাে ৷

অসমৰ ৰাইজৰ মৰম আৰু সৰলতা আমি বাৰুকৈ মিছ কৰিছে আৰু লগতে পিঠা, বৰা চাউল, মাছৰ টেঙা আদিৰ দৰে আমাৰ ঘৰুৱা খাদ্যবােৰৰ অভাৱ অনুভৱ কৰিছাে। আশা কৰাে ২০২১ত আমি মাতৃভূমিলৈ উৰা মাৰিব পাৰিম। “দৈনিক অগ্রদূত’ৰ স’তে হােৱা আছুতীয়া সাক্ষাতত দুই ভগ্নীয়ে কয়, আমি অসমৰ প্ৰতিজন লােককে, আপােনা লােকৰ কাকতৰ গ্ৰাহক-অনুৰাগী প্রতিজনলৈ নৱবৰ্ষৰ শুভেচ্ছা জনাইছাে আৰু সপােন সার্থক হ’ব বুলি আশা প্রকাশ কৰিছাে।

২০২০ আমাৰ বাবে আনন্দৰ বার্তাবাহক নাছিল। আৰু পৃথিৱীবাসীৰ বাবে নাছিল। ক’ভিড আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অহা যন্ত্রণা, মৃত্যু, উপার্জনহীনতা আৰু নানা ধৰণৰ আর্থ-সামাজিক সংগ্রামে মানুহৰ জীৱন দুর্দশাগ্রস্ত কৰি তুলিছে। এই বছৰতে আমি বহু বিশিষ্ট ব্যক্তিক হেৰুৱালাে। আমাৰ দৃষ্টিৰে ক’বলৈ গ’লে ২০২০ আছিল এনে এটা বর্ষ যিয়ে সংগীতজ্ঞসকলৰ আৰু ইয়াৰ স’তে জড়িত গায়ক, কম্প’জাৰ, ইভেন অর্গেনাইজাৰ আদিয়ে উপার্জনৰ পথ রুদ্ধ কৰিলে।

কিন্তু তেওঁলােকৰ জীৱিকা জীয়াই থাকিব লাগিব। তেওঁলােকেও ই এম আই আদায় দিব লাগে, পৰিয়াল চলাব লাগে আৰু আন সামাজিক দায়বদ্ধতাও পালন কৰিব লাগে। আমি এই ক্ষেত্ৰত ২০২১৩ কিছু সহায়-সহযােগ প্রত্যক্ষ কৰিলে আনন্দিত হ’ম আৰু আমি নৱবৰ্ষত আহ্বান জনাওঁ যাতে আমাৰ মৰমৰ চেলিব্রিটীসকলৰ কলাৰ বাবেও আমি ধন আদায় দিওঁ আৰু সকলাে সময়তে বিনামূলীয়াকৈ নিবিচাৰাে। ইয়াৰ দ্বাৰা চেলিব্রিটীসকলে তেওঁলােকৰ টীমক সহায় কৰিব পাৰে।

এই দুই অসম কন্যাই কয় যে অতীতক পাহৰি এতিয়া আগুৱাই যােৱাৰ সময়। আমি অনিশ্চয়তাৰ বাবে অধিক সাজু হৈ থাকিব লাগিব। অসুবিধাসমূহক সুযােগলৈ পৰিৱর্তিত কৰিব লাগিব আৰু যথাসম্ভৱ এজনে আনজনক আহক সহায় কৰাে। আহক এই বিশ্বলৈ অধিক মৰম, শান্তি আৰু সুখ কঢ়িয়াই আনাে। সকলােৰে প্রতি আন্তৰিকতা আমি প্রদর্শন কৰিব লাগে।

আমি অধিক অধিকতৰ নিভাঁজ সংগীতৰ প্ৰসাৰৰ বাবে অংগীকাৰবদ্ধ আৰু সংগীতৰ জৰিয়তে সকলােলৈ সুখ আৰু শান্তি কঢ়িয়াই আনিব বিচাৰাে। এই বার্তা দুই ভগ্নীৰ। ২০১৬ৰে পৰা এই দুই ভগ্নীয়ে একেলগে গীত পৰিৱেশন কৰিবলৈ লয়। পিংগা, হুম্মা হুম্মা, পিয়া টু আদিৰ দৰে সংগীতৰে বিপুল জনপ্রিয়তা অর্জন কৰা দুই ভগ্নীক অনুৰাগীয়ে কাপ গাৰ্লছ অথবা ক্লেপ ছিষ্টাৰ্ছ বুলি অভিহিত কৰে ।

তলাবন্ধৰ সময়ত তেওঁলােকে ‘বেলকনি কনচার্ট’ পুনৰ আৰম্ভ কৰে আৰু অসমীয়া, বাংলা, মাৰাঠী, তেলেগু, মালায়ালম, ভােজপুৰী আৰু হিন্দী ভাষাত তেওঁলােকৰ এই পৰিৱেশনৰ ভিডিঅ’ চৌপাশে ভাইৰেল হৈ পৰে। অন্তৰা আৰু অংকিতাৰ পিতৃ এজন অভিযন্তা আৰু মূলতঃ গুৱাহাটী নুনমাটিৰ বাসিন্দা। তেওঁলােকৰ মাতৃ তেজপুৰৰ। অন্তৰাৰ জন্ম হৈছিল শিৱসাগৰত আৰু কনিষ্ঠা অংকিতাৰ জন্ম হৈছিল তিনিচুকীয়াত ।

পিতৃৰ চাকৰি সূত্রে তেওঁলােকে অসমৰ বাহিৰলৈ যায়। অন্তৰাই কয় যে ২০০৯ পর্যন্ত গান গােৱাটো তেওঁৰ বাবে আছিল অৱসৰ বিনােদন। পৰৱৰ্তী সময়ত তেওঁ ৰিয়েলিটী শ্বত অংশগ্রহণ কৰে আৰু এটা সময়ত অনুষ্ঠান পৰিবেশন কৰিবলৈ আৰম্ভ কৰে। তেওঁ পদ্মশ্রী ওস্তাদ ছিদ খানৰ অধীনত চাৰে চাৰি বছৰ বয়সৰ পৰা হিন্দুস্তানী ধ্রুপদী ভকেলৰ প্রশিক্ষণ আৰম্ভ কৰিছিল। তেওঁ সংগীতৰ এই ধাৰাৰ আই টি চি সংগীত গৱেষণা একাডেমীত কনিষ্ঠ স্কলাৰৰূপেও যােগ দিছিল ।

ভাৰতীয় ধ্রুপদী সংগীতৰ অধ্যয়নে তেওঁৰ জীৱনলৈ শৃংখলা কঢ়িয়াই অনা বুলি কোৱা অন্তৰাই উল্লেখ কৰে যে পিতৃ-মাতৃয়ে তেওঁলােকৰ মেৰুদণ্ডস্বৰূপ। পিতৃ-মাতৃয়ে তেওঁলােকক অনবৰতে উৎসাহ যােগাই আহিছে। আমাৰ মায়ে মামাৰ শ্ৰেষ্ঠ সমালােচক। তেওঁ আমাৰ ভিডিঅ’সমূহ পৰিচালিত কৰে, আমাৰ ষ্টাইল কৰাই দিয়ে আৰু আমাৰ প্ৰকল্পৰ বাবে ধাৰণাও দিয়ে। তেওঁৰ বাবে আমি গতিশীল হৈ থাকো আৰু আজি এই স্থানত উপনীত হৈছাে ।

দেউতাই আমাৰ বাবে দিনে-নিশাই কষ্ট কৰে আৰু আমাক অতি বেছি মৰম কৰে। এই দুই ভগ্নীৰ বাবে সংগীত হৈছে প্রার্থনা-সাধনা। সকলাে দুখ-বেদনা, বেয়া ভাবৰ দৰৱ হৈছে সংগীত। এয়া তেওঁলােকৰ অনুভৱ। দুই ভগ্নীৰ ভিডিঅ’ বিশ্বজুৰিয়ে ভাইৰেল হৈছে।

ফেচবুকত পুৱা চাৰি বজাতে যশস্বী শিল্পী কল্পনা পাটোৱাৰীৰ বার্তা আৰু অসমৰ স্বাস্থ্যমন্ত্ৰীৰ টুইট আদিৰ কথা তেওঁলােকে কেতিয়াও পাহৰিব নােৱাৰে বুলি কয়। ২০১৫-১৬ৰ পৰাই সামাজিক মাধ্যমযােগে বিপুল খ্যাতি অর্জন কৰা এই দুই ভগ্নীৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিছে ‘দৈনিক অগ্রদুতে।

Exit mobile version