2222 2

নৱবৰ্ষত সকলো সুস্থ থাকক হাঁহি থাকক :অভিনেতা কিশোৰ দাস

“২০২১ বৰ্ষটোত গোটেই পৃথিৱীখন ক’ভিড মুক্ত হওঁক অসমবাসী ৰাইজৰ মঙ্গল হওঁক সকলো সুস্থ থাকক হাঁহি থাকক । বিগত বৰ্ষটো যিদৰে গ’ল সেই দিন যাতে কেতিয়াও ঘূৰি নাহে তাৰে কামনা কৰোঁ। “

“প্ৰত্যেক বছৰে নৱবৰ্ষত মই মোৰ মাৰ লগত মামা ঘৰত যাওঁ আৰু সকলোৱে মিলি একেলগে ফুৰ্তি আনন্দ কৰোঁ।এইবাৰো মই মাৰ স’তে মাৰ মামা ঘৰত যাম আৰু পুৰণি বছৰটো বিদায় দি নতুন বছৰটো হাঁহি ফুৰ্তিৰে আদৰিম।”

“নতুন বৰ্ষত মোৰ এখন আহিবলগীয়া ছবি দাদা তুমি দুষ্ট বৰ নামৰ ছবিখনৰ গানকেইটা বৰ্তমান শ্বুটিংৰ কাম চলি আছে । লগতে আগন্তুক ভোগালী বিহুৰ বাবে নতুন নতুন মিউজিক ভিডিঅ ৰ শ্বুটিং চলি আছে।”

“আনহাতে ২০২১ বৰ্ষত মোৰ এখন নতুন ৱেব চিৰিজ আহি থকাৰ লগতে এখন নতুন ধাৰাবাহিক আৰু এখন নতুন ছবি আহিব আৰু ইতিমধ্যে ইয়াৰ কাম চলি আছে ।”

প্ৰতিটো বস্তুৰে ভাল বেয়া দুয়োটা গুণে আছে ঠিক তেনে দৰে ২০২০বৰ্ষতো ভাল বেয়া দুয়োটা গুণে আছিল।

“লকডাউনৰ ফলত বহুতো কথা শিকিব পাৰিলোঁ ,পৰিয়ালৰ লগত সময় কটাব পাৰিলোঁ , ঘৰতে থাকি বিভিন্ন বস্তু ৰান্ধিব শিকিলোঁ ,বহুত দিন ধৰি ডান্স কৰা নাছিলোঁ লকডাউনৰ সময়ত আকৌ আৰম্ভ কৰিলোঁ ।”

“লকডাউনৰ সময়ত এটা অভিজ্ঞতা হ’ল যে সেই সময়ত মোৰ এখন ধাৰাবাহিকৰ কাম চলি আছিল আৰু সেইখন মই ঘৰত থাকিয়ে শ্বুটিং কৰিছিলোঁ লগতে ডাবিংও কৰিছিলোঁ ।”

“২০২০বৰ্ষটোত বিভিন্ন জনৰ বিভিন্ন ক্ষতিও হৈছিল লকডাউনৰ সময়ত কামৰ ক্ষেত্ৰত বহুত প্ৰভাৱ পৰিলে।যিহেতু আমি এটা টিম হৈ কাম কৰোঁ আৰু আমি দৈনিক কাম কৰি জীৱিকা নিৰ্বাস কৰোঁ এদিন কাম নকৰিলে আমাৰ পইচা অহাৰ ৰাস্তা নাই আৰু সেইসময়ত বেলেগ উপাৰ্জনও নাছিল সেই ক্ষেত্ৰত আমাৰ টিমতো বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল ।”

Exit mobile version