এইবাৰ হাৱাইটজাৰ কামানেৰে সজ্জিত হ’ব ভাৰতীয় সেনা

4bbe1f3d 9e2f 4563 b2cd a29a9cf3733e

ভাৰতীয় সেনা বাহিনীক হাৱাইটজাৰ কামানেৰে সুসজ্জিত কৰাৰ পৰিকল্পনা চূড়ান্ত পর্যায়ত উপনীত হৈছে। চলিত বর্ষ অন্ত হােৱাৰ পূর্বেই ভাৰতত নিজস্বভাৱে উৎপাদিত এই উন্নত কামান সেনা বাহিনীৰ হাতত তুলি দিয়াৰ পূর্ণ সম্ভাৱনা আছে। ইয়াৰ পূর্বে অৱশ্যে অন্তিম পৰীক্ষাত উত্তীর্ণ হ’ব লাগিব হাৱাইটজাৰে। অহা অক্টোবৰত হ’ব এই চূড়ান্ত পৰীক্ষা।

ভাৰত-চীনৰ সংঘাতৰ মাজতে ভাৰতৰ ‘ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভলপমেন্ট অর্গেনাইজেচন’ (ডি আৰ ডি অ’)ৰ তৰফৰ পৰা এই অত্যাধুনিক এডভান্সড টোড আর্টিলাৰি গান চিষ্টেম’(এটি এজি এছ)ৰ পৰীক্ষা আগবঢ়াই নিয়া হৈছে। ডি আৰ ডি অ’ৰ সঞ্চালক তথা বিজ্ঞানী শৈলেন্দ্র ভি গড়ে এই কামাক বিশ্বশ্রেষ্ঠ বুলি আখ্যা দি কয় যে ৯৫ শতাংশ দেশীয় প্রযুক্তিৰে নির্মাণ কৰা হৈছে এই কামান।

যােৱা আঠ বছৰ ধৰি কামানটোৰ নির্মাণ কার্য আগবঢ়াই নিয়া হৈছে। হাৱাইটজাৰে প্ৰতিৰক্ষা ক্ষেত্ৰত ভাৰত আত্মনিৰ্ভৰ কৰি তুলিব বুলিও বিশেষজ্ঞসকলে আশা ব্যক্ত কৰিছে। এই কামানৰ নির্মাণৰে স’তে ভাৰত ফোর্জ লিমিটেড তথা টাটা পাৱাৰ এছ ই ডি জড়িত হৈ আছে। ৩০ মাহৰ ভিতৰতে এই কামানে বাস্তৱ ৰূপ লাভ কৰিবলৈ সক্ষম হয়।চৰকাৰীভাৱে চীনৰে হােৱা সংঘাতৰ মাজতে ইজৰাইলৰ পৰা চাৰিশ হাৱাইজাৰ কামান এখােজ’ ক্ৰয় কৰাৰাে কথা বিবেচনা কৰি থকা হৈছে।

যােৱা চাৰি বছৰত এই কামানক লৈ ব্যাপক পৰীক্ষা-নিৰীক্ষা কৰি থকা হৈছে। ভাৰতৰ এই কামানটোৰ দৰে বিশ্বৰ আন হাৱাইটজাৰ কামানে বাই মডিউলাৰ চার্জ ছিষ্টেম জোন সাতৰ দৰে গােলাবর্ষণ কৰিব নােৱাৰে। ১৫৫ মিলিমিটাৰ ব্যাসযুক্ত নলী থকা সকলাে কামানৰ ভিতৰত একমাত্র ভাৰতৰ এটি এজি এছৰ দ্বাৰাহে ৪৮ কিলােমিটাৰ পর্যন্ত দূৰত্বলৈ আঘাত হনাটো সম্ভৱ।

ইয়াৰ বাহিৰেও ‘এক্সিলাৰি পাৱাৰ মােড’, স্বয়ংক্রিয় নিদের্শ তথা নিয়ন্ত্রণ ব্যৱস্থাও আছে। এই কামানত। ৱায়াৰলেছ ষ্টেট অব দা আর্ট কমিউনিকেচন ছিষ্টেম’ সংযুক্ত হৈ আছে এই কামান স’তে। ইয়াৰ দ্বাৰা যুদ্ধক্ষেত্ৰত প্ৰতিটো কামানে প্রযুক্তিগতভাৱে সংযুক্ত হৈ থাকে। তদুপৰি নিশাৰ ভাগত শত্রু পক্ষক আক্রমণ কৰিব পৰাকৈ প্ৰয়ােজনীয় ‘নাইট ভিশ্বন’ আদিও আছে এই কামানত।

বাষ্ট মােড’ত ৰাখিলে মাত্র ১৫ ছেকেণ্ডৰ ভিতৰতে তিনি ৰাউণ্ড গােলাবর্ষণ কৰিব পাৰে এই কামানে। ‘চাচটেইণ্ড মােড’ত ৰাখিলে এই কামানে ৬০ মিনিটত ৬০ ৰাউণ্ড গােলাবর্ষণ কৰিব পাৰে। সকলাে মিলাই কামানটোৰ ওজন প্রায় ১৮ টন। কামানৰ নলীৰ দৈর্ঘ্য ৬,৮৭৫ মিলিমিটাৰ। কামানটো পৰিচালনা কৰিবলৈ ছয়ৰ পৰা আঠজন লােকৰ প্রয়ােজন হয়। এই কামানে প্রতিবাৰৰ পৰীক্ষাতে ইতিমধ্যে উত্তীর্ণ হৈছে।

পৰীক্ষাৰ সময়ত এই কামানৰে ১৩০ ৰাউণ্ডৰাে অধিক গােলাবর্ষণ কৰা হৈছে। ভাৰতীয় সেনাক সম্প্রতি প্রায় ১৫৮০ টা টোড আর্টিলাৰি বন্দুকৰ প্ৰয়ােজন হৈছে। এটি এজি এছ ১৫০ টা কামান তথা ১১৪ টা ধনুষ কামানৰ প্রয়ােজন হৈছে। সম্প্রতি ভাৰতীয় সেনা বাহিনীয়ে ব’ফৰ্ছ কামানৰ ওপৰতে নিৰ্ভৰশীল।১৯৯৯ৰ কার্গিল যুদ্ধত ব’ফর্ঘ কামানে ব্যাপক সাফল্য লাভ কৰিছিল। ডি আৰ ডি অৱে এটি এজি এছক ব’ফছতকৈ আগত ৰাখিছে। ব’ফছে ৩২ কিলােমিটাৰ পৰ্যন্তহে লক্ষ্য ভেদ কৰিব পাৰে।

Exit mobile version