ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ ১০ কোটি ক’ভিড-১৯ৰ প্ৰতিষেধক দুশ টকাত উপলব্ধ হ’ব

adar sii 660 241120090718

ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই কৰ’না ভাইৰাছৰ প্ৰথম ১০ কোটি প্ৰতিষেধক কেন্দ্ৰীয় চৰকাৰক ‘বিশেষ মূল্য’ দুশ টকাত বিক্ৰী কৰিব বুলি জনাই কোম্পানীটোৰ চি ই অ’ আদৰ পুনাৱালাই ।

প্ৰতিষেধক প্ৰস্তুতকৰণৰ বাবে ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই অক্সফ’ৰ্ড বিশ্ববিদ্যালয় আৰু অষ্ট্ৰাজেনেকাৰ স’তে যোগ দিছে ।

দেওবাৰে দৰব নিয়ন্ত্ৰক সংস্থা ডিচিজিআয়ে ক’ভিশ্বিল্ড আৰু ভাৰত বায়’টেকৰ ক’ভেক্সিনক নিয়ন্ত্ৰিত জৰুৰী প্ৰয়োগৰ বাবে অনুমোদন দিয়ে ।

চি ই অ’ পুনাৱালাই জনাই যে, কোম্পানীটোৱে সম্প্ৰতি ক’বামাহৰ বাবে ব্যক্তিগত খণ্ডসমূহলৈ প্ৰতিষেধক প্ৰেৰণ কৰিব নোৱাৰিব ।

চলিত বৰ্ষত প্ৰস্তুত কৰা প্ৰতিষেধকসমূহ সমৃদ্ধিশালী দেশসমূহে সংৰক্ষণ কৰিব । বিশ্বৰ বৃহত্তম প্ৰতিষেধক প্ৰস্তুতকাৰী সংস্থা ছেৰাম ইনষ্টিটিউটে সম্ভৱতঃ উন্নয়নশীল দেশসমূহৰ বাবে ইনকিউলেছন প্ৰস্তুত কৰিব । ৰপ্তানিত নিষেধাজ্ঞাৰ অৰ্থ, দৰিদ্ৰ দেশসমূহে সম্ভৱতঃ প্ৰতিষেধক গ্ৰহণ কৰিবৰ বাবে কেইমাহমান অপেক্ষা কৰিব লাগিব ।

চি ই অ’ পুনাৱালাই কয় যে, সম্প্ৰতি আমি কেৱল ভাৰতকহে ক’ভিড প্ৰতিষেধক দিব পাৰিম । আগন্তুক সপ্তাহত ছেৰাম ইনষ্টিটিউটে ক’ভেক্সৰ স’তে ৩০-৪০ কোটি প্ৰতিষেধক প্ৰস্তুতকৰণৰ এক বৃহৎ চুক্তি কৰিব ।

তেওঁ লগতে কয় যে, ছেৰাম ইনষ্টিটিউটে ডিচেম্বৰ ২০২১ লৈকে ২০-৩০ কোটি প্ৰতিষেধক ক’ভেক্সক প্ৰস্তুত কৰি দিয়াৰ পৰিকল্পনা কৰিছে । সংস্থাটোৱে ভাৰত আৰু ক’ভেক্সৰ মাজত প্ৰতিষেধক বিতৰণত ভাৰসাম্য অটুট ৰাখিব লাগিব । আমি এতিয়াই সকলোকে প্ৰতিষেধক দিব নোৱাৰো । আমি অগ্ৰাধিকাৰ ভিত্তিত দিব লাগিব ।

Exit mobile version